বিহপুৰীয়া, 30 অক্টোবৰ : ৰাজ্যত পোন প্ৰথম বাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট আয়োগৰ অনুমোদনত শুভাৰম্ভ হ'ল বহুমুখী বান আশ্ৰয় গৃহৰ । বিহপুৰীয়াৰ ধুনাগুৰিত শিলান্যাস কাৰ্যসূচী শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ২ কোটি ৫১ লাখ টকা ব্যয়েৰে ১০ মাহৰ ভিতৰত নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব ৪০০ বান বিধস্ত লোকে আশ্ৰয় ল’ব পৰা এই অত্যাধুনিক গৃহৰ ৷ বানত জুৰুলা হোৱা মানুহৰ লগতে, জীৱ জন্তু ৰাখিব পাৰিব এই গৃহত । প্ৰয়োজনত হেলিকপ্টাৰ যোগে খাদ্য যোগান ধৰাৰ বাবে দুমহলীয়া অত্যাধুনিক গৃহৰ ওপৰত থাকিব হেলিপেডৰ ব্যৱস্থা ।
৫ হাজাৰ বৰ্গৰ এই গৃহত বান পানীৰ সময়ত আশ্ৰয় ল’ব পাৰিব নৈ পৰীয়া ৰাইজে । ২০১৯-২০ বৰ্ষতঅনুমোদিত তিনিটা অত্যাধুনিক গৃহৰ প্ৰথমটোৰ শুভাৰম্ভ হ'ল শুকুৰবাৰে । এই গৃহই বান পীড়িত ৰাইজক দুখ-দুৰ্দশা কিছু হ’লেও সকাহ দিব বুলি ধাৰণা কৰা হৈছে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ভাষণত কয় যে, কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ বান-গৰাখহনীয়া সমস্যাৰ সমাধানৰ হেতু বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৷