লখিমপুৰ কেন্সাৰ চিকিৎসা কেন্দ্র লখিমপুৰ, ২ ছেপ্টেম্বৰ: লখিমপুৰ কেন্সাৰ চিকিৎসা কেন্দ্রত তীব্র আপাতকালীন পৰিস্থিতি । আৰক্ষী, এনডিআৰএফ,এছডিআৰএফ, চিকিৎসকৰ দল,অগ্নি নিৰ্বাপক বাহিনী দৌৰি আহিল চিকিৎসালয়খনলৈ । লখিমপুৰ মেডিকেল কলেজৰ চৌহদতে থকা লখিমপুৰ কেন্সাৰ চিকিৎসা কেন্দ্রত শনিবাৰে বিয়লি তিনি বজাত এক তীব্র আপাতকালীন পৰিস্থিতি সৃষ্টি হয় । এনে পৰিস্থিতিত বিকট শব্দৰে চিকিৎসা কেন্দ্রৰ চাইৰেণ বাজি উঠে । লগে লগে চিকিৎসা কেন্দ্রটোলৈ ঢাপলি মেলে এনডিআৰএফ, এছডিআৰএফ বাহিনীৰ লগতে আৰক্ষী বাহিনী ।
বিপদৰ সংকেত বজাই অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীও ঢাপলি মেলে চিকিৎসা কেন্দ্রটোলৈ । চিকিৎসকৰ দলৰ লগতে এম্বুলেন্সৰ চাইৰেণৰ বিকট শব্দই এক চৰম বিপদজনক পৰিবেশ সৃষ্টি কৰে । চিকিৎসা কেন্দ্রটোৰ ভিতৰত আহত হোৱা লোকক উদ্ধাকাৰী বাহিনীয়ে তৎপৰতাৰে উদ্ধাৰ কৰি এম্বুলেন্সত ভৰাই চিকিৎসালয়লৈ প্ৰেৰণ কৰে । চিকিৎসা কেন্দ্রটোৰ একেবাৰে ওপৰত আহত হৈ আৱদ্ধ হোৱা লোকক ৰজ্জু পথেৰে মাটিলৈ নমাই আনে উদ্ধাৰ কাৰী বাহিনীয়ে । এই চিকিৎসা কেন্দ্রটোৰ অ'ত ত'ত আৱদ্ধ আহত লোকক অৱশেষত উদ্ধাৰকাৰী বাহিনীয়ে স্নিফাৰ ডগৰ সহায়ত উদ্ধাৰ কৰে । প্ৰায় এঘন্টা জুৰি চিকিৎসা কেন্দ্রটোত এনে পৰিবেশে বিৰাজ কৰে ।
দৰাচলতে চিকিৎসা কেন্দ্রটোত কোনো ধৰণৰ আপাতকালীন পৰিস্থিতি সৃষ্টি হোৱা নাছিল । এয়া আছিল ভূমিকম্পৰ সময়ত হ'ব পৰা সাম্ভাব্য দুৰ্যোগৰ পৰা উদ্ধাৰ কৰাৰ এক অনুশীলনহে । ভূমিকম্পৰ ফলত চিকিৎসা কেন্দ্রটো ভাগি পৰিলে কেনে পৰিস্থিতি সৃষ্টি হ'ব আৰু উদ্ধাৰকাৰী বাহিনীয়ে কেনেদৰে উদ্ধাৰ কৰিব বা সাধাৰণ ৰাইজৰ এই সময়ত কৰণীয় কি হ'ব এই সকলো দিশ সামৰি আজি অনুশীলন কৰা হয় । লখিমপুৰ জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত অৰুণাচলৰ ইটানগৰত থকা ১২ এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে আৰক্ষীৰ সহযোগত এনে আপাতকালীন পৰিস্থিতৰ অনুশীলন কৰে ।
লখিমপুৰ কেন্সাৰ চিকিৎসা কেন্দ্রয়ো সহযোগ আগবঢ়োৱা এই অনুশীলনত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, এনডিআৰএফ, এছডিআৰএফ বাহিনীৰ উচ্চ পদস্থ বিষয়া সকলেও সহযোগ কৰে । অনুশীলনৰ প্ৰাক মুহুৰ্তত এনডিআৰএফৰ বিষয়াই ভূমিকম্পৰ সময়ত আহত তথা আৱদ্ধ লোকক উদ্ধাৰৰ ক্ষেত্ৰত সাধাৰণ ৰাইজে কেনেধৰণৰ ব্যবস্থা গ্রহণ কৰিব পাৰে তাৰ আভাস দিয়ে । হাতৰ কাষতে পোৱা সহজলভ্য সা-সামগ্রী ব্যবহাৰ কৰি দুৰ্যোগত পতিত লোকক উদ্ধাৰৰ আখৰাও প্ৰদৰ্শন কৰে এনডিআৰএফ বাহিনীয়ে । এনডিআৰএফৰ ডেপুটি কামাণ্ডেন্ট ৰাজীৱ কুমাৰ নাথসহ ভালেকেইজন বিষয়াই এই কাৰ্যসূচীত অংশগ্রহণ কৰে ।
লগতে পঢ়ক:Mock drill in Barpeta: বৰপেটাত বানৰ মোকাবিলা কৰাৰ মকড্ৰিল