অসম

assam

ETV Bharat / state

চৰকাৰৰ এমহীয়া খতিয়ান দাঙি ধৰিলে লখিমপুৰৰ সাংসদ-বিধায়কে - বিধায়ক মানৱ ডেকা

লখিমপুৰৰ বিধায়ক মানৱ ডেকা(MANAB DEKA) আৰু লোকসভাৰ সাংসদ প্ৰদান বৰুৱা(PRADAN BARUAH)ই শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰৰ কাম-কাজৰ এমহীয়া খতিয়ান দাঙি ধৰে । লগতে বানত ক্ষতিগ্ৰস্ত লোকক সহায় কৰাৰো আশ্বাস দিয়ে বিধায়ক আৰু সাংসদগৰাকীয়ে ।

MLA Manab Deka press conference, briefing governments developmental work
চৰকাৰৰ এমহীয়া খতিয়ান দাঙি ধৰিলে লখিমপুৰৰ সাংসদ, বিধায়কে

By

Published : Jun 11, 2021, 11:02 PM IST

লখিমপুৰ, ১১ জুন: অসমত বিজেপি(BJP) চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ এমাহ সম্পূৰ্ণ হৈছে । বিজেপি চৰকাৰৰ এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে বৃহস্পতিবাৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকা(MANAB DEKA) আৰু লোকসভাৰ সাংসদ প্ৰদান বৰুৱা(PRADAN BARUAH)ই এখন সংবাদমেল(Press conference) সম্বোধন কৰে ।

বিজেপি চৰকাৰে যোৱা এক মাহত কি কি উন্নয়নমূলক কাম কৰিলে সেই বিষয়ে সংবাদমেলত সদৰি কৰে । ড্ৰাগছ(Drugs)ৰ বিৰুদ্ধে চৰকাৰে চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে সাংসদ প্ৰদান বৰুৱাই । লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা,বিধায়ক মানৱ ডেকাৰ লগতে বিজেপিৰ লখিমপুৰ(Lakhimpur) জিলা সমিতিৰ বিষয়ববীয়াসকলো সংবাদমেল সম্বোধন কৰাৰ সময়ত উপস্থিত থাকে ।

চৰকাৰৰ এমহীয়া খতিয়ান দাঙি ধৰিলে লখিমপুৰৰ সাংসদ, বিধায়কে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে লখিমপুৰ জিলাখনৰ বাবে হাতত লোৱা উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে । কম দিনৰ ভিতৰতে এইখন চৰকাৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ক'ভিড ৰোগীৰ সেৱাৰ ব্যৱস্থা কৰা, ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ সন্দৰ্ভত কঠোৰ স্থিতি লোৱা বুলি মন্তব্য কৰে সাংসদ আৰু বিধায়কগৰাকীয়ে ।

লগতে বান সমস্যা সমাধান তথা বানত ক্ষতিগ্ৰস্ত লোকক সহায় কৰাৰো আশ্বাস দিয়ে । জুলাই মাহত বাজেট(Budget)ৰ জৰিয়তে নতুন নতুন বহু উন্নয়নমূলক কামৰ বিষয়ে ৰাইজে অৱগত হ'ব বুলি মন্তব্য কৰে বিধায়ক মানৱ ডেকাই ।

লগতে পঢ়ক:এমহীয়া খতিয়ান লৈ নাগপুৰৰ আৰ এছ এছ(RSS)ৰ কাৰ্যালয়লৈ মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details