অসম

assam

ETV Bharat / state

বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাৰ সমষ্টি পৰিদৰ্শন - ক'ভিডৰ ভয়াৱহতা

সমষ্টি পৰিদৰ্শনৰ উদ্দেশ্যে মঙলবাৰে নাৰায়ণপুৰত উপস্থিত হ'ল নৱ নিৰ্বাচিত বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা ৷ নিৰ্মীয়মান অৱস্থাত থকা মহাপুৰুষ মাধৱদেৱ কলাক্ষেত্ৰ পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয় বিধায়কগৰাকীয়ে ৷ নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে ঠিকাদাৰক নিৰ্দেশ প্ৰদান ৷

MLA Dr Amiya Kumar Bhuyan visited the constituency on Tuesday
মঙলবাৰে সমষ্টি পৰিদৰ্শন কৰিলে বিধায়ক ড° অমিয় কুমাৰ ভূঞাই

By

Published : May 19, 2021, 8:50 AM IST

বিহপুৰীয়া,19 মে': মঙলবাৰে সমষ্টি পৰিদৰ্শনৰ বাবে নাৰায়ণপুৰত উপস্থিত হয় নৱ নিৰ্বাচিত বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা ৷ প্ৰতিকূল বতৰৰ মাজতে বিয়লি নিৰ্মীয়মান অৱস্থাত থকা মহাপুৰুষ মাধৱদেৱ কলাক্ষেত্ৰ পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয় বিধায়কগৰাকীয়ে ৷

মহাপুৰুষ মাধৱদেৱ কলাক্ষেত্ৰৰ কাম অতি লেহেমীয়া গতিত হোৱাৰ বাবে ঠিকাদাৰক সতৰ্কবাণী শুনাই নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে বিধায়ক গৰাকীয়ে ৷ 2007 চনত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীবদলা পদ্ম আতা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে দান কৰা 44 বিঘা মাটিত মাধৱদেৱ কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিছিল যদিও বিশেষ অগ্ৰগতি লাভ নকৰিলে ৷

মঙলবাৰে সমষ্টি পৰিদৰ্শন কৰিলে বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই

পুনৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে 37 কোটি টকা আৱণ্টন দিয়ে ৷ কিন্তু ঠিকাদাৰৰ কাম লেহেমীয়া হোৱাৰ বাবে নিৰ্মাণস্থলীত বিধায়কগৰাকী উপস্থিত হৈ শীঘ্ৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে ৷ আনহাতে, মঙলবাৰৰ দিনটোতে বিধায়কগৰাকীয়ে সমষ্টিটোৰ পঞ্চায়তে পঞ্চায়তে গৈ ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি ৰাইজক সজাগ কৰাৰ সমান্তৰালকৈ সমস্যাসমূহ পৰ্যালোচনা কৰে ৷

লগতে পঢ়ক:নগাঁও জিলাত ক’ভিড কেয়াৰ সেৱা কেন্দ্ৰ মুকলি প্ৰদ্যুৎ বৰদলৈৰ

ABOUT THE AUTHOR

...view details