বিহপুৰীয়া, 25মে':নাৰায়ণপুৰৰ বনপুৰৈ জামুগুৰিত অব্যাহত আছে মহাবাহুৰ কালৰূপ ৷ চপৰা চপৰে খহিছে বৃহত্তৰ অঞ্চলটোৰ ৰক্ষাকৱচ স্বৰূপ জামুগুৰি-আৰিমৰা সংযোগী বৃহৎ মথাউৰিটো ৷ মহাবাহুৰ বুকুত সৰ্বস্ব হেৰুৱাই নিৰাপদ স্থানলৈ ঢাপলি মেলিব লগীয়া হৈছে নৈপৰীয়া ৰাইজ ৷ এনে এক জটিল সন্ধিক্ষণত মঙলবাৰে বিয়লি অঞ্চলটোত উপস্থিত হয় বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞা ৷
বনপুৰৈ-জামুগুৰিত খহনীয়া পৰিদৰ্শন কৰিলে বিধায়ক অমিয় কুমাৰ ভূঞাই - MLA
মহাবাহুৰ বুকুত সৰ্বস্ব হেৰুৱাই নিৰাপদ স্থানলৈ ঢাপলি মেলিবলগীয়া হৈছে নাৰায়ণপুৰৰ বনপুৰৈ জামুগুৰিৰ নৈপৰীয়া ৰাইজ ৷ বৃহত্তৰ অঞ্চলটোৰ ৰক্ষাকৱচ স্বৰূপ জামুগুৰি-আৰিমৰা সংযোগী বৃহৎ মথাউৰিটো চপৰা চপৰে খহি যোৱাত খহনীয়া পৰিদৰ্শন কৰে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞা ৷
![বনপুৰৈ-জামুগুৰিত খহনীয়া পৰিদৰ্শন কৰিলে বিধায়ক অমিয় কুমাৰ ভূঞাই MLA Amiya Kumar Bhuyan visits Erosion in Banpuri Jamuguri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11898036-thumbnail-3x2-bih.jpg)
বনপুৰৈ-জামুগুৰিত খহনীয়া পৰিদৰ্শন কৰিলে বিধায়ক অমিয় কুমাৰ ভূঞাই
বনপুৰৈ-জামুগুৰিত খহনীয়া পৰিদৰ্শন কৰিলে বিধায়ক অমিয় কুমাৰ ভূঞাই
নাৰায়ণপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জাহ্নৱী সোণোৱালৰ সৈতে খহনীয়া পৰিদৰ্শন কৰি বিধায়কগৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক যাৱতীয় খৰতকীয়া পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে স্থানীয় ৰাইজক আতংকিত নহ'বলৈ অনুৰোধ জনায় ৷ বিজেপি দল তথা চৰকাৰ সদায় ৰাইজৰ লগত থকা বুলি আশ্বাস প্ৰদান কৰি চলিত মাহতে জলসম্পদ মন্ত্ৰী পিযুজ হাজৰিকাই খহনীয়াগ্ৰস্থ অঞ্চল পৰিদৰ্শন কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷
লগতে পঢ়ক:ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যলৈ চৰকাৰৰ সাহাৰ্য