বিহপুৰীয়া, 21 জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰৰ বিহপুৰীয়াত বানৰ সংহাৰ (Flood in Lakhimpur) ৷ কিন্তু বানৰ প্ৰতি যেন কাণসাৰ নাই স্থানীয় বিধায়ক ড৹ অমিয় ভূঞাৰ ৷ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পূৱৰ সোৱণশিৰিপৰীয়া কেইবাখনো গাঁও যোৱা কেইবাদিন ধৰি বানত বুৰ গৈ থকাত বানাক্ৰান্ত ৰাইজৰ লগতে পশুধনসমূহো বানত ক্ষতিগ্ৰস্ত হৈছে ৷
শেহতীয়াকৈ ইটিভি ভাৰতত বন্যাৰ্ত লোকসকলে অনাহাৰে অনিদ্ৰাৰে থকা বাতৰি প্ৰচাৰ কৰা হৈছিল ৷ ইয়াৰ পিছতে সোমবাৰে বানাক্ৰান্ত ৰাইজৰ কাষত বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা উপস্থিত হয় (MLA Amiya Kumar Bhuyan visited Bihpuria) । বিধায়কজনে সমষ্টিটোৰ বানাক্ৰান্ত কেইবাখনো গাঁও পৰিদৰ্শন কৰি বানাক্ৰান্তসকলৰ দুখ দুৰ্গতিৰ বুজ লয় ৷