বিহপুৰীয়া, 28 জুন:নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বৈ অহা নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কুৰিখনতকৈও অধিক গাঁও । ফলত বানত ককবকাইছে হাজাৰ হাজাৰ লোকে (Flood at Narayanpur)।
তিনিখনকৈ নৈৰ বাঢ়নী পানীত জলমগ্ন হৈছে চেঁচা, মাঘনোৱা, নটগাঁও আঠানিবাৰী, লক্ষীপুৰ, যমনগৰ, কাঠনিগাঁও, পিচলাপাৰ, তাতিবাহাৰ, জয়পুৰ, শান্তিপুৰ, ভোগপুৰ, লংকাপুৰ, পিছলা দেউৰী গাঁও, কথাজান, ঠাকুৰদলনী, শিঙিয়া, কল্যাণপুৰ, শিমলুগুৰি, ৰঙাজান, ফুটাভোগ, ৰূপতলি আদি গাঁও । কেইবাখনো বিদ্যালয়ৰ অৰ্ধাংশ বুৰাই পেলাইছে তিনিওখন নৈৰ বাঢ়নী পানীয়ে ।
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পিছলাগুৰি-ৰঙতি সংযোগী গড়কাপ্তানী পথৰ মাঘনোৱাত আৰু য'খৰীয়া-ৰঙতি সংযোগী গড়কাপ্তানী পথৰ আঠানিবাৰীত পথৰ ওপৰেৰে পানী বাগৰাৰ ফলত দুয়োটা পথেৰেই বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা । ইফালে মঙলবাৰে এই অঞ্চলসমূহৰ বনাক্ৰান্তৰ কাষত স্থানীয় বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা উপস্থিত হৈ অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতসকলৰ সমস্যাৰ বুজ লয় ৷
বান সমস্যাৰ বুজ লৈ বিধায়কগৰাকীয়ে সমষ্টিটোৰ কেইবাটাও স্থানত অস্থায়ী বান শিবিৰ স্থাপনৰ বাবে ব্যৱস্থা চলাই থকা হৈছে বুলি সংবাদ মাধ্যমক অৱগত কৰে ।