বিহপুৰীয়া, 30 অক্টোবৰ : ৰাজ্যত অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (DAC Election 2022)৷ উক্ত নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ বিৰোধী দলসমূহৰ সমান্তৰালকৈ শাসকীয় দল বিজেপিয়েও ৰাজ্যৰ পৰিষদীয় সমষ্টিসমূহত ব্যাপক প্ৰচাৰ চলাইছে ।
শেহতীয়াকৈ বিহপুৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত দেউৰী স্বায়িত্ব শাসিত পৰিষদীয়(Deori Autonomous Council) সমষ্টিসমূহত মন্ত্ৰী পিয়ুষ হাজৰিকাই প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷ সমান্তৰালকৈ দেওবাৰে স্থানীয় বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই(MLA Amiya Kumar Bhuyan) ১৭ নং কাচিকতা পৰিষদীয় সমষ্টিৰ বিজেপিৰ মনোনীত আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী উত্তম দেউৰীৰ হৈ পৰিষদীয় সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলায় ।
বিধায়কগৰাকীয়ে কেইবাটাও স্থানত নিৰ্বাচনী কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে ৷ কাৰ্যালয় উন্মোচন কৰি বিধায়কগৰাকীয়ে উত্তম দেউৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় । ইফালে বিহপুৰীয়া বিধান সভা সমষ্টিৰ(Bihpuria constituency) অন্তৰ্গত পাঁচটা পৰিষদীয় সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীয়ে জয় লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে মন্তব্য কৰে (Amiya Bhuyan on DAC election)।