লখিমপুৰ, 2 আগষ্ট :লখিমপুৰত পুনৰ আৰম্ভ হ’ব মিছন ইন্দ্ৰধনুষ ৷ বুধবাৰে বিয়লি জিলা আয়ুক্ত সুমিত সাত্তাৱানে এক সংবাদমেল যোগে সদৰী কৰে এই কথা ৷
লখিমপুৰত মিছন ইন্দ্ৰধনুষৰ পৰৱৰ্তী পৰ্যায়ৰ প্ৰস্তুতি আৰম্ভ ৷ বিভিন্ন কাৰণত বাদ পৰি যোৱা শিশু, মহিলা সকলৰ বাবে লখিমপুৰ জিলাত পুনৰায় মিছন ইন্দ্ৰধনুষৰ পৰৱৰ্তী পৰ্যায় আৰম্ভ কৰাৰ প্ৰস্তুতি কৰা হৈছে ৷ বুধবাৰে বিয়লি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক সংবাদ মেলত জিলা আয়ুক্ত সুমিত সাত্তাৱানে এই সন্দৰ্ভত সদৰি কৰি কয় যে, লখিমপুৰ জিলাত 7 আগষ্টৰ পৰা 12 আগষ্ট লৈ, 11 ছেপ্টেম্বৰৰ পৰা 17 ছেপ্টেম্বৰ আৰু 9 অক্টোবৰৰ পৰা 14 অক্টোবৰলৈ এই অভিযান চলোৱা হ’ব ৷
প্ৰথম পৰ্যায়ত জিলাখনত মুঠ 228 টা কাৰ্য দিনত 316 গৰাকী গৰ্ভৱতী মহিলা, 985 টা দুবছৰৰ তলৰ শিশু, 353 টি দুবছৰৰ পৰা পাঁচবছৰীয়া শিশুক এই অভিযানত সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে ৷ ইয়াৰ বাবে 212 গৰাকী এএনএমক বিশেষ দায়িত্ব দিয়া বুলিও জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷ 2024 ৰ ভিতৰত মিজলচ,ৰুবেলা নাইকীয়া কৰাৰ লক্ষ্যৰে এই অভিযান পুনৰ আৰম্ভ কৰা বুলি তেওঁ সংবাদমেলত কয় ৷