লখিমপুৰ, ৭ আগষ্ট :সোমবাৰে সমগ্র ৰাজ্যজুৰি আৰম্ভ কৰা হয় মিছন ইন্দ্ৰধনুষ অভিযান । ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালভাৱে লখিমপুৰ জিলাতো শুভাৰম্ভ কৰা হয় এই অভিযানৰ । জিলা আয়ুক্ত সুমিত সাত্তাৱানে এটি শিশুক ঔষধ খুৱাই আনুষ্ঠানিকভাৱে জিলাখনত এই অভিযানৰ পাতনি মেলে ।
এই উপলক্ষে জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা হয় উদ্বোধনী অনুষ্ঠানৰ । এই অনুষ্ঠানত জিলা আয়ুক্ত সুমিত সাত্তাৱানে এটি শিশু ক ঔষধ খুৱাই জিলাখনত মিছন ইন্দ্ৰধনুষ অভিযানৰ শুভাৰম্ভ কৰে ।
জিলা ইমুনাইজেচন বিষয়া ডাঃ ভাৰতী গগৈয়ে আঁতধৰা উদ্বোধনী অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত সুমিত সাত্তাৱানে ক'ভিড কালীন পৰিস্থিতিৰ লগতে বিভিন্ন কাৰণত বাদ পৰি যোৱা শিশু আৰু গৰ্ভৱতী মহিলা সকলক এই অভিযানে সম্পুর্ণ কৈ সামৰি ল'ব বুলি আশা প্ৰকাশ কৰে । তেওঁ স্বাস্থ্য কৰ্মীসকলক জিলা প্ৰশাসন,প্ৰয়োজন বোধে আৰক্ষী প্ৰশাসনে সম্পূর্ণ সহযোগ কৰিব বুলি উল্লেখ কৰাৰ লগতে এই অভিযান সফল কৰি তোলাত সংবাদ মাধ্যমৰো সহযোগিতা কামনা কৰে ।