লখিমপুৰ,১৪ মাৰ্চ: অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং সকলৰ আছে সুকীয়া বৰ্ণাঢ্য সাংস্কৃতিক পৰিচয় । চহকী সাংস্কৃতিৰে ভৰপুৰ মিচিংসকলৰ ৰহনীয়া সংস্কৃতিয়ে সমৃদ্ধ কৰিছে বৃহত্তৰ অসমীয়া জাতিক (Porag festival in Lakhimpur) । মিচিং সমাজৰ পৰম্পৰাগত ৰীতিনীতি, কৃষ্টি-সংস্কৃতি চালে চকু ৰোৱা (Mising people celebrating Porag festival) । তেওঁলোকৰ উৎসৱ-পাৰ্বন সমুহৰ ভিতৰত অন্যতম উৎসৱ হ'ল পঃৰাগ উৎসৱ ।
অসমৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই পঃৰাগ উৎসৱ ৷ অসমৰ মিচিং অধ্যুষিত অঞ্চলৰ পৰা বিয়া দি বিদায় দিয়া জীয়ৰীসকলৰ লগতে জোঁৱাই সকলকো আমন্ত্ৰণ কৰি আনি অতি জাকজমকতা তথা আনন্দ ফূৰ্তিৰ মাজেৰে পালন কৰা হয় এই উৎসৱ (Mising community Porag Festival) ।
কেবাদিনীয়াকৈ আয়োজন কৰা পঃৰাগ উৎসৱে একোটা অঞ্চলক ৰং আনন্দৰে বিধৌত কৰে । সম্প্ৰতি লখিমপুৰৰ ভীমপৰা শিঙৰী গাঁৱত চাৰিদিনীয়া কাৰ্যসূচীৰে কৰা হৈছে পঃৰাগ উৎসৱ উদযাপন (Porag festival in Lakhimpur) । অসমৰ অন্যতম খিলঞ্জীয়া চহা মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত পঃৰাগ উৎসৱ উলহ-মালহৰে পালন কৰা পৰিলক্ষিত হৈছে ভীমপৰাৰ শিঙৰী গাঁৱত ।