অসম

assam

ETV Bharat / state

সোৱণশিৰিৰ পাৰত হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে সমৰ্থন দিয়াৰ পাছতেই মিচিং জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ ৷ সোৱণশিৰি আৰু জোনাইৰ চিয়াং লালী নদীৰ পাৰত জোঁৰ সমদলেৰে প্ৰতিবাদ ৷

By

Published : Aug 27, 2019, 10:40 PM IST

Updated : Aug 27, 2019, 11:16 PM IST

সোৱণশিৰিৰ পাৰত হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ

লখিমপুৰ,জোনাই, 27 আগষ্টঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে সমৰ্থন দিয়াৰ পাছতেই মিচিং জনগোষ্ঠীয় তিনি সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ উদ্যোগত মঙলবাৰে ক্ৰমে লখিমপুৰ জিলাৰ সোৱণশিৰিৰ পাৰত আৰু জোনাইৰ চিয়াং লালী নদীৰ পাৰত জোঁৰ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন কেইটাই ৷ এই প্ৰতিবাদৰ জৰিয়তে সংগঠন কেইটাই বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰাৰ লগতে নামনি অংশত বসবাস কৰা লোকসকলৰ জীৱন আৰু অঞ্চলটোৰ জৈৱ বৈচিত্ৰ সুৰক্ষাৰ ব্যৱস্থা নকৰা পৰ্যন্ত বৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ দাবী উত্থাপন কৰে ৷

সোৱণশিৰিৰ পাৰত হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ
Last Updated : Aug 27, 2019, 11:16 PM IST

ABOUT THE AUTHOR

...view details