অসম

assam

ETV Bharat / state

Fire case in Lakhimpur: লখিমপুৰত বিদ্যালয়ৰ কিতাপৰ গুদামত দুর্বৃত্তৰ অগ্নিসংযোগ - Fire in Nakadi Higher Secondary School

লখিমপুৰ নগৰৰ গাতে লাগি থকা এখন বিদ্যালয়ৰ পাঠ্যপুথিৰ গুদামত যোৱা নিশা অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত গুদামটোত থকা প্ৰায় চাৰি সহস্রাধিক পাঠ্যপুথি জ্বলি ছাই হৈ পৰে ।

Fire in Nakadi Higher Secondary School
নকাড়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 1:39 PM IST

নকাড়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়

লখিমপুৰ, ১৫ নৱেম্বৰ:লখিমপুৰ নকাড়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বুধবাৰে পুৱতি নিশা অগ্নিকাণ্ড সংঘটিত হয় । ফলত জ্বলি ছাই হ'ল চাৰি সহস্রাধিক পাঠ্যপুথি । লখিমপুৰ নগৰৰ দাঁতিকাষৰীয়া মৈদমীয়াস্থিত নকাড়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱতি নিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা । বিদ্যালয়খনৰ খেলপথাৰৰ কাষত থকা এখন কিতাপৰ গুদামত নিশাই কোনো দুষ্ট লোকে অগ্নিসংযোগ কৰে ।

বিদ্যালয়খনৰ মূলগৃহৰ কিছু নিলগত একেটা চৌহদতে থকা পাঠ্যপুথিৰ গুদামটোত নিশা জুই জ্বলে যদিও কোনেও উমান পোৱা নাছিল । প্ৰাতঃভ্ৰমণলৈ যোৱা লোকে কিতাপৰ গুদামত উমি উমি জ্বলি থকা ধোঁৱা দেখা পাই স্কুল কৰ্তৃপক্ষৰ লগতে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । পাচত অগ্নিনিৰ্বাপক বাহিনী দুখনকৈ গাড়ীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, গুদামত থকা কিতাপ সমূহ স্কুল পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা যোগান ধৰা হৈছিল । মাধ্যমিক শিক্ষা পৰিষদৰ এই কিতাপ সমূহ গুদামটোত ৰখা হৈছিল । বিদ্যালয়খনৰ চাৰিসীমাত কোনো ধৰণৰ ৱালৰ ব্যৱস্থা নথকা বাবেই নিশা এই ঘটনা কোনো দুষ্ট লোকে সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে ।

জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকে উল্লেখ কৰা মতে,গুদামটোত প্ৰায় চাৰি সহস্রাধিক পাঠ্যপুথি আছিল । ক'ভিড মহামাৰীৰ আগতে পাঠ্যপুথিসমূহ যোগান ধৰা হৈছিল যদিও এনে পৰিস্থিতিৰ বাবে বিতৰণ কৰিব পৰা নহ'ল । পৰৱৰ্তী সময়ত পাঠ্যপুথি সলনি হোৱা বাবে এই পাঠ্যপুথিখিনি অচল হৈ পৰে আৰু গুদামটোতে জমা হৈ আছিল । গুদামটোত কোনো দুষ্ট লোকে অগ্নিসংযোগ কৰাৰ সন্দেহ কৰা হৈছে । কিয়নো উক্ত গুদামটোত বিদ্যুৎ সংযোগৰ ব্যবস্থাও নাছিল । পূৰ্বতে বিদ্যুৎ যোগান আছিল যদিও পৰৱৰ্তী সময়ত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি ৰখা হৈছিল । তেনেস্থলত বাহিৰা লোকে অগ্নিসংযোগ নকৰিলে গুদামটোত অগ্নিকাণ্ড ঘটাৰ সম্ভাৱনা নাই ।

উল্লেখ্য এই গুদামটোৰ অন্য এটা কোঠা এনআৰচিৰ কামৰ বাবে ব্যৱহাৰ কৰা হৈছিল । এনআৰচিৰ নথি পত্ৰ বা সঁজুলি এতিয়াও কোঠাটোতে আছে । সৌভাগ্যক্ৰমে সেই কোঠালৈ জুই বিয়পিব নাপালে । স্থানীয় লোকে এই ক্ষেত্ৰত আৰক্ষীৰ তদন্তৰ দাবী জনাইছে ৷

লগতে পঢ়ক:Ajmal throws Salang Chadar at public rally: চেলেং চাদৰ দলিয়াই পুনৰ অসমীয়াক অপমান সাংসদ বদৰুদ্দিন আজমলৰ

ABOUT THE AUTHOR

...view details