গৃহস্থক আক্ৰমণৰ লক্ষ্য দুৰ্বৃত্তৰ লখিমপুৰ, ১০ অক্টোবৰ : লখিমপুৰত সংঘটিত হৈছে এক শিহৰণকাৰী কাণ্ড । গৃহস্থ সোনকালে শোৱাপাটিত পৰাৰ সুযোগ লৈ ঘৰত প্ৰৱেশ কৰে দুই দুৰ্বৃত্তই ৷ কি উদ্দেশ্যেৰে দুৰ্বৃত্ত তেনেদৰে প্ৰৱেশ কৰিছিল এতিয়ালৈকে নিশ্চিত কৰিব পৰা হোৱা নাই ৷ ঘৰৰ একো আচবাব-পত্ৰ লৈ যোৱা নাই দুৰ্বৃত্তই ৷ কোনো ধৰণৰ হানি-বিঘিনীও কৰি থৈ যোৱা নাই ৷ গৃহস্থই এয়া চুৰিকাণ্ড বা ডকাইতি বুলি ক’ব বিচৰা নাই ৷
মঙলবাৰে নিশা লখিমপুৰত সংঘটিত হয় এই কাণ্ড । সোনকালে শুই যোৱা গৃহস্থই ঘৰৰ ভিতৰত লাইট অন হৈ থকা দেখা পাই সচকিত হৈ পৰে ৷ দুবাৰমান মাত দিয়াত মুখত গামোচা মাৰি কোঠাৰ ভিতৰলৈ সোমাই আহে দুই দুৰ্বৃত্ত ৷ জ্যেষ্ঠ সাংবাদিক, জিলা আইন সেৱা প্ৰাধিকৰণৰ জ্যেষ্ঠ সদস্য, অৱসৰপ্ৰাপ্ত অধ্যক্ষ আবু ছঈদ খানৰ ঘৰৰ ঘটনা এয়া ৷ তেওঁ প্ৰত্যক্ষ কৰে যে দুৰ্বৃত্তৰ মাজৰে এজনে তেওঁৰ পৰিবাৰক ডিঙি ৰেপি হত্যাৰ চেষ্টা চলাইছিল ৷ ঠিক সেই সময়তে আবু ছঈদ খানে প্ৰহাৰ কৰে দুৰ্বৃত্তক ৷
দুৰ্বৃত্তৰ দলে তেওঁৰ ঘৰৰ ভিতৰত সোমাই আক্ৰমণ কৰিবলৈ উদ্যৎ হয় আবু ছঈদ খানৰ পত্নী আম্বিয়া আফ্ৰোজ খানক । তেওঁৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়তে চিঞৰি দিয়াৰ পিচতেই দলটোৱে আবু ছঈদ খানৰ পত্নীক চুৰিৰে ডিঙিত আঘাত কৰি আহত কৰিবলৈ চেষ্টা কৰে যদিও ডকাইতৰ দলটোক ভৰিৰে প্ৰচণ্ড গোৰ সোধাই খানে । উল্লেখ্য যে, দুৰ্বৃত্তৰ দলটোৱে খিৰিকিৰ গ্ৰীল ভাঙি প্ৰৱেশ কৰিছিল ঘৰৰ ভিতৰত । নিশা প্ৰায় ১০-৩০ বজাত সোমাইছিল দুৰ্বৃত্তৰ দলটো ।
দুৰ্বৃত্তৰ দলটো ঘৰত সোমোৱাৰ পাচতে গৃহস্থই চিঞৰ বাখৰ কৰাত গৃহস্থক আক্রমণ কৰিবলৈ চেষ্টা কৰিছিল যদিও চিঞৰ শুনি চুবুৰীয়া দৌৰি অহাত দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে । ওচৰ চুবুৰীয়াই দুৰ্বৃত্তৰ দলটোক খেদি যোৱাত পেলাই থৈ যায় চোকা ছুৰি আৰু মাৰণাস্ত্ৰ । দুৰ্বৃত্তৰ দলটো যথেষ্ট অভ্যস্ত বুলি অনুমান কৰা হৈছে ৷ এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে লখিমপুৰৰ বঙালমৰাত । ঘটনাটোৱে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । অঞ্চলটোৰ ভিতৰতে নহয়, জিলাখনৰ ভিতৰতে এজন সন্মানীয় ব্যক্তি হিচাপে পৰিচিত খানে এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰিছে । সকলোৱে এই দুৰ্বৃত্তৰ দলটোক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহিবলৈ আৰক্ষীক দাবী জনাইছে ।
লগতে পঢ়ক :Robbery Incident:নদীৰ মাজত ডকাইতি, লুটি নিলে 30 লক্ষাধিক টকা