লখিমপুৰ, 27 মাৰ্চ:আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰে গিজগিজাই থকা লখিমপুৰ চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এক ডকাইতি কাণ্ড (Lakhimpur robbery case) ৷ বাইকত অহা চাৰিজনীয়া ডকাইতৰ এটা দলে এগৰাকী ব্যৱসায়ীৰ পৰা লুটি নিয়ে নগদ প্ৰায় 11 লাখ টকা (Miscreant looted about eleven lakhs by showing gun) ৷ শনিবাৰে নিশা প্ৰায় 10 বজাত সংঘটিত এই ডকাইতি কাণ্ডটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ লখিমপুৰতে ৷
প্ৰাপ্ত তথ্য অনুসৰি, জগদম্বা হাৰ্ডৱেৰ ষ্টোৰ নামৰ বিপণীখনৰ স্বত্বাধিকাৰী বিনোদ কুমাৰ হৰলালকাই শনিবাৰে নিশা ব্যৱসায়িক প্ৰতিষ্ঠানখন বন্ধ কৰাৰ পিছত এগৰাকী কৰ্মচাৰীৰ সৈতে বাইকত ঘৰমুৱা হৈছিল ৷ কিন্তু আদবাটতে পূৰ্বৰে পৰা ৰৈ থকা এটি চাৰিজনীয়া ডকাইতৰ দলে আগুৰি ধৰে ব্যৱসায়ীগৰাকীক ৷