বিহপুৰীয়া, 29 ডিচেম্বৰ :বিহপুৰীয়াত আৰম্ভ হৈছে “বিধায়ক কাপ” (MLA Cup football tournament starts) শীৰ্ষক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে ৰাজহ মন্ত্ৰী যোগেন মহন (Minister Jogen Mahan at Bihpuria) ৷
মন্ত্ৰীগৰাকীয়ে প্ৰতিযোগিতাখন উদ্বোধন কৰি ভাষণ প্ৰসংগত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিয়াৰ বাবে গুৰুত্ব প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰে ৷ সমান্তৰালভাৱে ক্ৰীড়াক বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰাৰ পোষকতা কৰে ৷ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ গ্ৰামাঞ্চলৰ খেলুৱৈসকলক ক্ৰীড়াৰ ক্ষেত্ৰত এখন মঞ্চ প্ৰদান কৰি আগুৱাই নিয়াৰ ক্ষেত্ৰত বহু কৰণীয় আছে বুলি মতপোষণ কৰে ৷
প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত অসম ফুটবল সন্থাৰ সভাপতি তথা বিধায়ক নৱকুমাৰ দলেও শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত উপস্থিত থকা স্থানীয় বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই বিহপুৰীয়াৰ ক্ৰীড়াক্ষেত্ৰক ৰাজ্যৰ ভিতৰতে জাকত-জিলিকা কৰাৰ বাবে এনে ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰখা বুলি সদৰী কৰে ।