অসম

assam

ETV Bharat / state

নাৰায়ণপুৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ চাইকেল ৰেলী - তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস

লখিমপুৰত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ জিলাখনত এক বিশাল চাইকেল ৰেলীত অংশগ্ৰহণ কৰে নেতা গৰাকীয়ে ৷ বহু হাজাৰ লোক উপস্থিত অনুষ্ঠানত ৷

minister-himanta-biswa-sarma-present-at-lakhimpur-narayanpur
নাৰায়ণপুৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ চাইকেল ৰেলী

By

Published : Jan 19, 2021, 4:24 PM IST

Updated : Jan 19, 2021, 5:51 PM IST

লখিমপুৰ, 19 জানুৱাৰী : বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইমাহমান বাকী থকাৰ সময়তে বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰত নিৰ্বাচনী ৰণডংকা বজালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । প্ৰতিকূল বতৰকো নেওচি মন্ত্ৰী গৰাকীয়ে নাৰায়ণপুৰৰ ধলপুৰৰ পৰা কেইবা সহস্ৰাধিক সমৰ্থকক লগতলৈ এক বিশাল চাইকেল ৰেলীত অংশগ্ৰহণ কৰে ।

নাৰায়ণপুৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ চাইকেল ৰেলী

ধলপুৰৰ পৰা শিমলুগুৰি, ৰঙতি, মাঘনোৱা, পিছলাগুৰি হৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰত উপস্থিত হৈ পৰিদৰ্শন কৰে । ইয়াৰ পিচতে মন্ত্ৰী গৰাকীয়ে 10 সহস্ৰাধীক সমৰ্থকৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰে । প্ৰায় 25 কিলোমিটাৰৰ উক্ত পথছোৱাত মন্ত্ৰী গৰাকীক বিভিন্ন ঠাইত গায়ন বায়নৰ লগতে হাজাৰ হাজাৰ লোকে ফুল চতিয়াই সম্ভাষণ জনায় ৷

লগতে পঢ়ক :শ্বহীদৰ সপোন বাস্তৱ কৰিব নোৱাৰিলে সৰ্বানন্দ সোণোৱালে- শংকৰজ্যোতি বৰুৱা

ইফালে, উল্লেখিত ঠাইসমূহত বিভিন্ন জাতি-জনগোষ্ঠীয়ে নিজা নিজা কৃষ্টি-সংস্কৃতিও প্ৰদৰ্শন কৰে ৷ অন্যহাতে, বিদ্যালয়সমূহৰ শিক্ষক ছাত্ৰ-ছাত্ৰী, চিকিৎসা বিভাগৰ কৰ্মচাৰীসকলেও ঠায়ে ঠায়ে শিক্ষা তথা স্বাস্থ্যমন্ত্ৰী গৰাকীক আদৰণি জনায় ৷ চাইকেল ৰেলীত হাজাৰ হাজাৰ লোকৰ লগতে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, স্থানীয় বিধায়ক দেবানন্দ হাজৰিকা, বিজেপি নেতা ডঃ অমিয় কুমাৰ ভূঞা, বিজেপিৰ ৰাজ্যিক জনজাতি মৰ্চাৰ সভাপতি হৰেণ দেউৰী, ৰাজ্যিক কৃষাণ মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰা, বিজেপি নেতা হেমন্ত নেওগ, ৰাজীৱ বৰুৱা প্ৰমুখ্যে কেইবাজনো দলীয় নেতাই মন্ত্ৰী গৰাকীক সংগ দিয়ে ৷

উল্লেখ্য যে, বৰষুণৰ বতৰকো নেওচি সকলোৱে বৃহৎ চাইকেল ৰেলীত অংশগ্ৰহণ কৰা কাৰ্যত সমষ্টিৰ বিজেপি মহল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক :ফেব্ৰুৱাৰীত সম্পূৰ্ণ হ'ব লখিমপুৰ মেডিকলে কলেজৰ নিৰ্মাণ কাৰ্যঃ হিমন্ত বিশ্ব শৰ্মা

Last Updated : Jan 19, 2021, 5:51 PM IST

ABOUT THE AUTHOR

...view details