লখিমপুৰ,২ আগষ্ট: অসমীয়াৰ স্বাভিমান বিহুক বিকৃত ৰূপত উপস্থাপনক লৈ ৰাজ্যজুৰি ৰূপায়ণ কৰা হৈছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী (Protest in Lakhimpur over Bihu controversy) । প্ৰান্তে-প্ৰান্তে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ বিৰোধিতা কৰিছে বিভিন্ন দল-সংগঠনে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মঙলবাৰে লখিমপুৰতো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে ।
লখিমপুৰ নগৰৰ মাজ মজিয়াত ৰাজ্যৰ সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ পুত্তলিকা দাহ কৰি পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । বিমল বড়া তথা শাসনাধিষ্ঠ চৰকাৰৰ বিৰুদ্ধে শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে কঁপাই তোলে লখিমপুৰ নগৰৰ আকাশ বতাহ ।