লখিমপুৰ, ১৯ জুন :‘‘সমাগত লোকসভা নিৰ্বাচনত অগপ আৰু বিজেপিয়ে বুজাবুজিৰ মাজেৰে আসন ভাগ কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব । মিত্ৰজোঁটৰ মূল লক্ষ্য হ’ব কংগ্ৰেছ আৰু এআইইউডিএফক উৎখাত কৰা । অগপই বৰ্তমান এই ক্ষেত্ৰত অকলে একো সিদ্ধান্ত লোৱা নাই ।’’ সোমবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ৷
লগতে তেওঁ কয়, ‘‘বিজেপিৰ অংশীদাৰী দল হিচাপে অগপই ৰাজ্যখনৰ বিকাশ ত্বৰাম্বিত কৰাত সহায় কৰিছে ৷ অহা লোকসভা নিৰ্বাচনত মিত্ৰজোঁটে ঐক্যবদ্ধভাৱে চৈধ্যটা সমষ্টিতে কংগ্ৰেছ এআইইউডিএফক উৎখাত কৰাৰ বাবে যুঁজ দিব’’ । উল্লেখ্য যে, সোমবাৰে দিনজোৰা কাৰ্যসূচী লৈ লখিমপুৰত উপস্থিত হয় জিলাখনৰ অভিভাৱক মন্ত্ৰী অতুল বৰা । এই কাৰ্যসূচীৰ মাজতে তেওঁ সাংবাদিকৰ সন্মুখত ৰাজনৈতিক সামাজিক ক্ষেত্ৰৰ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
সোমবাৰে লখিমপুৰ জিলাখনৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই পুৱাই নগৰৰ পশ্চিম চান্দমাৰীত এটা নগৰীয়া স্বাস্থ্য আৰু কল্যান কেন্দ্ৰ উদ্বোধন কৰে ৷ এই অনুষ্ঠানতে ৰাজ্যৰ সীমা সমস্যা সন্দৰ্ভতো মন্তব্য কৰি তেওঁ এই সমস্যাৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক জগৰীয়া কৰে ৷
তেওঁ কয়, ‘‘যেতিয়া পৃথক ৰাজ্যসমূহ গঠন কৰা হৈছিল, সেই সময়ত কেন্দ্ৰ-ৰাজ্য উভয়তে কংগ্ৰেছৰ চৰকাৰ আছিল । তেতিয়াই নিখুঁতভাৱে সীমা নিৰ্ধাৰণ কৰা হ’লে পৰৱৰ্তী সময়ত চুবুৰীয়া ৰাজ্যসমূহৰে সীমা বিবাদ নহ’লহেতেন’’ ।