লখিমপুৰ, 6 নৱেম্বৰ :লখিমপুৰত সোমবাৰে লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজালে মন্ত্ৰী অজন্তা নেওগে ৷ সোমবাৰে লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ত্যাগ ক্ষেত্ৰত অনুষ্ঠিত হোৱা গণ সমাৱেশ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ এই অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগৰ লগতে সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাকে ধৰি বহু নেতাই অংশগ্ৰহণ কৰা সমাৱেশখনত বক্তা সকলে বিৰোধী কংগ্ৰেছ দলৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক অখিল গগৈ আদিৰ ভূমিকাক ক্ষুৰধাৰ সমালোচনা কৰে ৷
এই সভাত বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ আলোকপাত কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বক ভূয়সী প্ৰশংসা কৰে উপস্থিত মন্ত্ৰী-বিধায়ক তথা বিজেপিৰ নেতাসকলে ৷ সঠিক নেতৃত্বই ৰাজ্য অথবা দেশক বিশ্বৰ চকুত পৰাকৈ আগুৱাই নিয়াৰ কথা কয় তেওঁলোকে ৷ বিজেপিৰ উন্নয়নৰ ধাৰাই আগন্তক নিৰ্বাচনত দলটোৰ প্ৰাৰ্থী সকলক বিপুল ভোটত জয়যুক্ত কৰাব বুলি তেওঁলোকে কয় ৷