অসম

assam

ETV Bharat / state

Milad un Nabi 2022: লখিমপুৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব প্ৰস্তুতি মিলাদ উন নবী ২০২২

লখিমপুৰত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়ভাৱে উদযাপনৰ প্ৰস্তুতি কৰা হৈছে মিলাদ উন নবী ২০২২ (Milad un Nabi 2022)। উত্তৰ লখিমপুৰ কেন্দ্ৰীয় ঈদগাহ সমিতিৰ উদ্যোগত কেন্দ্ৰীয় ঈদগাহ ময়দানত দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

Milad un Nabi 2022 will celebrated centrally in Lakhimpur
লখিমপুৰত কেন্দ্ৰীয়ভাৱে উদযাপনৰ প্ৰস্তুতি মিলাদ উন নবী ২০২২

By

Published : Dec 15, 2022, 10:32 AM IST

লখিমপুৰত কেন্দ্ৰীয়ভাৱে উদযাপনৰ প্ৰস্তুতি মিলাদ উন নবী ২০২২

লখিমপুৰ,১৫ ডিচেম্বৰ: ইছলামধৰ্মী লোকসকলে পয়গম্বৰ হজৰত মহম্মদৰ জন্মদিন ইদ-ই-মিলাদ-উন-নবী বা আইডি-ই-মিলাদ হিচাপে উদযাপন কৰে (Eid Milad un Nabi 2022) ৷ ইছলামিক বৰ্ষপঞ্জী অনুসৰি, তৃতীয়টো মাহ ৰবি-উল-টৰৰ দ্বাদশ দিনত এই উৎসৱ উদযাপন কৰা হয় ৷ ইতিমধ্যে ইছলামৰ তৃতীয় মাহ ৰবি-উল-টৰ আৰম্ভ হৈছে ৷ মহম্মদ চাহেবৰ জন্মদিনত এই সম্প্ৰদায়ৰ লোকে শোভাযাত্ৰা উলিয়াই ৷

উল্লেখ্য যে লখিমপুৰত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়ভাবে মিলাদ উন নবী ২০২২ উদযাপনৰ প্ৰস্তুতি কৰা হৈছে । উত্তৰ লখিমপুৰ কেন্দ্ৰীয় ঈদগাহ সমিতিৰ উদ্যোগত কেন্দ্ৰীয় ঈদগাহ ময়দানত অহা ২৪ আৰু ২৫ ডিচেম্বৰত এই কাৰ্যসূচী উদযাপন কৰা হ’ব । উত্তৰ লখিমপুৰ কেন্দ্ৰীয় ঈদগাহৰ অন্তৰ্গত ছখন জামাতৰ সহযোগত মিলাদ উন নবী উদযাপন কৰাৰ প্ৰস্তুতি কৰা হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে (Milad un Nabi 2022 will celebrated in Lakhimpur) ।

এই উদ্দেশ্যে গঠন কৰা মূল সমিতিখনৰ লগতে পাঁচখন উপ-সমিতিয়ে তৎপৰতাৰে কাম কৰি আছে । অনুষ্ঠানটোত সাংস্কৃতিক, সাহিত্য, ৰচনা, বক্তৃতা, চিত্ৰাংকন, কুইজ, আদি বিভিন্ন প্ৰতিযোগিতাৰ উপৰি পতাকা উত্তোলন, সম্বৰ্ধনা, বঁটা বিতৰণী, মুকলি সভা, আদি অনুষ্ঠিত হ’ব । মুকলি সভাৰ লগতে অন্যান্য কাৰ্যসূচীত চৰ চাপৰি সাহিত্য পৰিষদ অসমৰ সভাপতি ড৹ হাফিজ আহমেদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ দিলীপ বৰা, আলজাহ শেখ হজৰত, মৌলানা মুফতি মহমদ আলি চাহাব, ইশফাকুল হুছেইন আদি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব ।

বুধবাৰে উত্তৰ লখিমপুৰ কেন্দ্ৰীয় ঈদগাহ সমিতিয়ে এখন সংবাদমেল যোগে এই অনুষ্ঠানৰ বিষয়ে সদৰী কৰি ৰাইজক সহযোগিতা আগবঢ়াই মিলাদ উন নবী সফল কৰি তুলিবলৈ আহ্বান জনায় । সংবাদমেলখনত চাদিকুল হুছেইন, ইমাদ্দুচ চালাম হাজৰিকা, ফাইজুৰ ৰহমান, ৰেকিবুদ্দিন খান, ৰাজেশ হুছেইন, বাহাৰুল ইছলাম, হাৰনুল ৰচিদ,ফজলুৰ ৰহমান, মতিবুল হুছেইন হাজৰিকা, ইমাদুচ চালাম হাজৰিকা আদিয়ে উপস্থিত থাকে ।

লগতে পঢ়ক:Centenary closing ceremony: চাকলা নিম্ন বুনিয়াদী বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠানক

ABOUT THE AUTHOR

...view details