লখিমপুৰ, 30 নৱেম্বৰ: পৰিভ্ৰমী পখীৰে মুখৰিত হৈ পৰিছে নাওবৈচাৰ শতজান জলাশয়(Migratory birds in Shatjan reservoir in Naobaicha) ৷ দেশী- বিদেশী পৰিভ্ৰমী পখীৰ কল-কাকলিত মুখৰিত হৈ পৰিছে নাওবৈচাৰ শতজান জলাশয় । দেশ বিদেশৰ পৰা বিভিন্ন প্ৰজাতিৰ পক্ষী আহি ভিৰ কৰিছেহি লখিমপুৰ জিলাৰ অন্তৰ্গত নাওবৈচাৰ এই জলাশয়টোত ।
ৰঙানদীৰ পাৰৰ পহুমৰাত ১২২ বিঘা মাটিৰে আবৃত শতজান জলাশয়ত প্ৰত্যেক বছৰৰ দৰে এইবাৰো শীতৰ আগমনৰ লগে লগে বিভিন্ন দেশ বিদেশৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটা পৰিলক্ষিত হৈছে । লগে লগে জলাশয়টোয়ে ন ৰূপত জীৱন্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে(Tourist place Shatjan reservoir in Naobaicha) ৷ শীতৰ সময়চোৱাত শতজান জলাশয়লৈ ১১বিধ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটাৰ লগতে আন ২৩ বিধ স্থানীয় পক্ষীৰো আগমন ঘটিছে, যিয়ে ৰাজ্যবাসীক আকৰ্ষিত কৰাৰ লগতে দেশী-বিদেশী পৰ্যটককো আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ।
প্ৰাকৃতিক জৈৱ-বৈচিত্ৰ্যৰে পৰিপূৰ্ণ শতজান জলাশয়লৈ প্ৰতি বছৰৰ দৰে এইবাৰো ছাইবেৰিয়া, শ্ৰীলংকা, ম্যানমাৰ, জাপান, নেপাল আদি দেশৰ পৰা পক্ষীৰ আগমন ঘটিছে । কেৱল পৰিভ্ৰমী পক্ষীয়েই নহয় শতজান জলাশয়ত প্ৰায় দহটা বিভিন্ন প্ৰজাতিৰ তৰু-তৃণৰ লগতে এশটা প্ৰজাতিৰ দ্বিবীজপত্ৰী উদ্ভিদ ,২০বিধ ভিন্ন প্ৰজাতিৰ একবীজপত্ৰী উদ্ভিদ আৰু কুৰিটা প্ৰজাতিৰ ঢেঁকীয়া জাতীয় উদ্ভিদেৰে পৰিপূৰ্ণ শতজান জলাশয় ।