লখিমপুৰ, ২৫ আগষ্ট :ৰাজ্যত আকৌ প্ৰতিবাদ ৷ এইবাৰ প্ৰতিবাদী কণ্ঠত উত্তাল হ’ল লখিমপুৰ চহৰ ৷ ন্যায্য প্ৰপ্তিৰ দাবীত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদত নামিল সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ লখিমপুৰ জিলা সমিতি (Mid Day Meal Workers Protest in Lakhimpur) ৷
এইবাৰ প্ৰতিবাদকাৰীৰ দাবী, ‘‘শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পত্নীয়ে মাহিলি দুহেজাৰ টকাত ভাত ৰান্ধক ৷ তেহে গম পাব মাহিলি দুহেজাৰ টকাত এখন ঘৰ কেনেদৰে চলে’’ ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে লখিমপুৰত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে চৰকাৰ তথা শিক্ষামন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷