অসম

assam

ETV Bharat / state

Protest in Lakhimpur: মধ্যাহ্ন ভোজন ৰন্ধনকৰ্মীৰ প্ৰতিবাদত উত্তাল লখিমপুৰ - CM Himanta Biswa Sarma

মধ্যাহ্ন ভোজন আঁচনিৰ ৰন্ধনকৰ্মী সকলৰ প্ৰতিবাদত উত্তাল ৰাজ্য । আন ৰাজ্যৰ তুলনাত অসমৰ ৰন্ধনকৰ্মী সকলক চৰম বঞ্চনা কৰাৰ অভিযোগ উত্থাপন ।

MMW Protest in Assam
মধ্যাহ্ন ভোজন আঁচনিৰ ৰন্ধনকৰ্মী

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 3:56 PM IST

মধ্যাহ্ন ভোজন আঁচনিৰ ৰন্ধনকৰ্মী

লখিমপুৰ, ১ নৱেম্বৰ :মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল লখিমপুৰ । সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ আহ্বান মৰ্মে বুধবাৰে সমগ্র ৰাজ্যতে ৰন্ধনকৰ্মী সকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ প্ৰবেশ পথৰ পৰা নগৰৰ মূল এন টি ৰোডত বহি ৰন্ধনকৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে 'অসম চৰকাৰ হায় হায়','মুখ্যমন্ত্রী গ' বেক',' শিক্ষা মন্ত্রী হুচিয়াৰ' আদি শ্লোগান দি নগৰৰ মূল পথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

ৰন্ধনকৰ্মী সকলৰ বকেয়া মাননি শীঘ্ৰে আদায় দিয়া, প্ৰতি মাহৰ মাননি পাছৰ মাহৰ প্ৰথম সপ্তাহত দিয়াৰ ব্যবস্থা কৰা, মজুৰি আইনৰ আধাৰত ন্য়ূনতম দহ হেজাৰ টকা মাহিলী মাননি প্ৰদান কৰা, কাম হেৰুওৱা ৰন্ধন কৰ্মীক এক কালীন তিনি লাখ টকা সাহায্য প্ৰদান, কৰ্মীস্থলীত আঘাতপ্ৰাপ্ত ৰন্ধন কৰ্মীক চিকিৎসা সাহায্য প্ৰদান কৰা, বছৰৰ ১২ মাহেই মাননি প্ৰদান কৰা, মধ্যাহ্ন ভোজন আচনি ব্যক্তিগতকৰণ কৰা বন্ধ কৰা আদি দাবীত ৰন্ধনকৰ্মী সকলে এনেদৰে প্ৰতিবাদমূখৰ হৈ পৰে ।

তেওঁলোকে ক্ষোভ প্রকাশ কৰি কয় যে দেশৰ আন ৰাজ্যৰ তুলনাত অসমৰ ৰন্ধনকৰ্মী সকলক চৰম বঞ্চনা কৰা হৈছে । একেখন দেশৰ একেখন আচনিত কেৰেলাত দৈনিক মাননি ছয়-সাতশ টকা, বিহাৰত দৈনিক ১৬ শৰো অধিক টকা, হাৰিয়ানাত ৭ হেজাৰ টকা, হিমাচলত ৪ হেজাৰ টকাকে ধৰি তামিলনাডু, কৰ্ণাটক, উত্তৰাখণ্ড আদি বিভিন্ন ৰাজ্যত কেইবা হেজাৰ টকা মাননি, মৃত্যুৰ ক্ষতিপূৰণ, কাপোৰ, উৎসৱ আদিৰ ভাট্টা আদি প্ৰদান কৰা হৈছে । কিন্তু অসমত এতিয়াও ১৫ শ টকা মাননি দিয়া হৈছে । তাকো অনিয়মীয়াকৈ। বছৰৰ ১২ মাহৰ সলনি ১০ মাহৰহে মাননি দিয়া হয় বুলিও তেওঁলোকে ক্ষোভ প্রকাশ কৰে।

তেওঁলোকে ক্ষোভ প্রকাশ কৰি কয় যে সাম্প্রতিক সময়ত চৌদিশে চৰম মূল্য বৃদ্ধিৰ সময়ত ৰন্ধনকৰ্মী সকলে মাথো ১৫ শ টকাৰে কেনেকৈ ঘৰ চলাব বুলিও চৰকাৰ লৈ প্ৰশ্ন তোলে । তেওঁলোকে মানবীয় দৃষ্টি ভংগীৰে ৰন্ধনকৰ্মী সকলৰ সমস্যা বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক হাতজোৰ কৰি আহ্বান জনায়। এই কাৰ্যসূচীত ৰন্ধনকৰ্মী সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভানেত্রী জয়নবা খাতুন, সম্পাদিকা মায়াবতী পায়েংসহ সহস্রাধিক ৰন্ধন কৰ্মীয়ে অংশগ্রহণ কৰে । ৰন্ধনকৰ্মী সকলে তেওঁলোকৰ দাবী সমূহ পূৰণৰ বাবে মুখ্যমন্ত্রীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Protest in Goalpara : মাননি নহয় মজুৰিহে লাগে অংগনৱাড়ী কৰ্মী-সহায়িকাক

ABOUT THE AUTHOR

...view details