লখিমপুৰ,১৩ জুন:লখিমপুৰ নগৰত সোমবাৰে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে । সহস্ৰাধিক মহিলা কৰ্মচাৰীয়ে লখিমপুৰ নগৰৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়াই ৷ সমদলটোৱে জিলা সৰ্বশিক্ষা অভিযান মিছনৰ (Sarva Shiksha Abhiyan ) কাৰ্যালয়ত সমবেত হৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (Mid day meal workers protest in Lakhimpur) ।
প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে কাৰ্যালয়লৈ সোমোৱাত বাধা দিয়ে যদিও সেই বাধা ওফৰাই কাৰ্যালয়ৰ চৌহদত প্ৰৱেশ কৰে । উল্লেখ্য যে ২০০৫ চনৰ পৰা সামান্য মজুৰিৰে কাম কৰি থকা এই কৰ্মচাৰীক বিগত পাঁচ মাহে দিয়া নাই মজুৰি । যাৰ বাবে ক্ষোভিত হৈ পৰিছে কৰ্মচাৰীসকল ৷ ফলত হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড লৈ মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগত সংস্থালৈ দিয়া বন্ধ কৰা, বকেয়া আদায় দিয়া, মজুৰি আইনৰ অধীনত মাননি দিয়া, কামৰ নিৰাপত্তা, চিকিৎসা সাহায্য আদিৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।