অসম

assam

By

Published : Apr 5, 2019, 2:43 AM IST

Updated : Apr 5, 2019, 2:53 AM IST

ETV Bharat / state

এজন খলনায়কৰ নেতৃত্বত চলিছে অসমঃ ভূপেন কুমাৰ বৰা

‘‘ আগন্তক নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৱেই বিজয়ী হ’ব ৷ এশ জন হিমন্তয়ো ৰোধিব নোৱাৰে ভানুক’’ বৃহস্পতিবাৰে বিহপুৰীয়াত এম জি ভি কে ভানুৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ এইদৰে প্ৰকাশ কৰে বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰাই ৷

ETV BHARAT

তেজপুৰ, 5 এপ্ৰিলঃ ‘‘2019ৰ এই নিৰ্বাচন কেৱল লোকসভা নিৰ্বাচনেই নহয় এইয়া হৈছে অসমৰ ৰাইজৰ আত্মসন্মান, স্বাভিমান আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম ৷ যি সৰ্বানন্দ সোণোৱালক অসমীয়া মানুহে জাতীয় নায়ক আখ্যা দিছিল, এতিয়া তেওঁ খলনায়কলৈ ৰূপান্তৰিত হৈছে ৷ এজন খলনায়কৰ নেতৃত্বত চলিছে অসম৷’’ বৃহস্পতিবাৰে নিশা বিহপুৰীয়াত তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এমজিভিকে ভানুৰ এক নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি এই মন্তব্য বিহপুৰীয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰাৰ ৷

বিহপুৰীয়াত তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এমজিভিকে ভানুৰ নিৰ্বাচনী প্ৰচাৰ

উল্লেখ্য যে, শুকুৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অহাৰ আগে আগেই বিহপুৰীয়াত আয়োজন হয় কংগ্ৰেছৰ প্ৰাৰ্থী এমজিভিকে ভানুৰ বিশাল নিৰ্বাচনী ৰেলী৷ প্ৰচণ্ড বৰষুণকো নেওচি সহস্ৰাধিক সমৰ্থনকাৰীয়ে অংশগ্ৰহণ কৰিলে এই নিৰ্বাচনী প্ৰচাৰত ৷ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰাই লগতে কয় যে, ‘‘এমজিভিকে ভানুৰ দৰে এজন কৰ্ম নায়কক তেজপুৰ সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত কৰিবলৈ তেজপুৰ বাসী ৰাইজে বিহপুৰীয়াবাসী ৰাইজে বৰষুণৰ মাজতো এইয়া সংগ্ৰাম কৰিছো৷ এইয়া নিৰ্বাচন নহয় এইয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম, অসমৰ উন্নয়নৰ সংগ্ৰাম ৷ আৰু এই উন্নয়নৰ বাবে ৰ’দ-বৰষুন যিয়েই নহওঁক সকলো কাটি অহা 11 তাৰিখে বিজেপিক পৰাভূত কৰিহে শান্তি পাব ৰাইজে ৷’’ইয়াৰোপৰিও, ভূপেন বৰাৰ দাবী ‘‘এশ জন হিমন্ত বিশ্ব শৰ্মা আহিলেও তেজপুৰ সমষ্টিৰ পৰা এমজিভিকে ভানুক ৰোধিব নোৱাৰে ৷’’

বৰষুনৰ মাজতো নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা সহস্বাধিক সমৰ্থনকাৰীক দেখি উৎফুল্লিত কংগ্ৰেছ প্ৰাৰ্থী ভানু ৷ লগতে তেজপুৰ লোকসভা সমষ্টিত তেৱে বিজয়ী হ’ব বুলিও প্ৰকাশ কৰিলে কংগ্ৰেছ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীয়ে ৷

Last Updated : Apr 5, 2019, 2:53 AM IST

ABOUT THE AUTHOR

...view details