লখিমপুৰ, 20 ডিচেম্বৰ :মাইক্ৰ’ফাইনেন্সৰ বিৰুদ্ধে লখিমপুৰত সমন্বয় নাৰী শক্তিৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা । লখিমপুৰ জিলাৰ সোৱণশিৰি মহাবিদ্যালয় প্ৰাংগণত সমন্বয় নাৰী শক্তিৰ উদ্যোগত ভুক্তভোগী মহিলা সমাজৰ সহযোগত আয়োজন কৰা হয় ৰাজহুৱা সভাখন ।
মাইক্ৰ’ফাইনেন্স কোম্পানীৰ অবাধ লুণ্ঠন বন্ধ কৰা আৰু ঋণ ৰেহাই দাবীত এই ৰাজহুৱা সভা অনুষ্ঠিত কৰে সমন্বয় নাৰী শক্তিয়ে ৷ মাইক্ৰ’ফাইনেন্স কোম্পানী সমূহে ঋণ আদায় কৰাৰ নামত মহিলা সকলক নানা নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী মহিলাসকলে ৷ ৫ শতাধিক মহিলা উপস্থিত থকা এই ৰাজহুৱা সভাৰ জৰিয়তে চাৰি দফিয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ অসম চৰকালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।