বিহপুৰীয়া, 31 জানুৱাৰী :আহোম স্বৰ্গদেউ সকলক সুঁৱৰি সমগ্ৰ ৰাজ্যতে অতি উলহ-মালহেৰে দেওবাৰে উদযাপন কৰা হয় আহোম সকলৰ পবিত্ৰ উৎসৱ মে-ডাম-মে-ফী ৷ আহোমৰ পূৰ্ব পুৰুষ সকলক সুঁৱৰি আহোম সকলে অতীজৰে পৰাই উদযাপন কৰি আহিছে মে-ডাম-মে-ফী ৷
নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তৰ লগতে শিমলুগুৰিত প্ৰতিবছৰৰ লগতে এই বছৰো ‘নিজা কাৰ্যালয় প্ৰাংগন’ত অনুষ্ঠিত কৰা হৈছে মে-ডাম-মে-ফী ৷ পুৱাৰ ভাগত পতাকা উত্তোলন কৰাৰ পাছতে কেন্দ্ৰটোত অনুষ্ঠিত কৰা হৈছে উপৰি পুৰুষক স্মৰণ তথা ডাম ফী পূজা ৷ নাৰায়ণপুৰৰ শিমলুগুৰিত ৰাজগড় আঞ্চলিক তাই কৃষ্টি-সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে আহোম সকলৰ এই পবিত্ৰ উৎসৱটি ৷