তেজপুৰ, ১০ মাৰ্চ :লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এজন ব্যতিক্ৰমী যুৱক ৷ নাম দীপু বৰুৱা ৷ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাচত দীপুৱে নগাঁৱত আই টি আই পাঠ্যক্ৰমত নামভৰ্তি কৰে ৷ আই টি আই পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাচত তেওঁ কৰ্ম সংস্থাপনৰ বাবে গমণ কৰে বহিঃৰাজ্যলৈ ৷
কৰ্মসূত্ৰে যুৱকজনে হায়দৰাবাদৰ এখন হোটেলত এটা বছৰৰ বাবে নিয়োজিত হৈ থাকে ৷ তেনেদৰেই অৰুণাচল প্ৰদেশতো প্ৰায় দহটা বছৰ থাকে বৰপথাৰৰ চামগুৰি গাঁৱৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ যুৱক দীপু বৰুৱাই ৷ বহিঃৰাজ্যত থাকিও কিন্তু অসমৰ যুৱক-যুৱতীৰ বাবে কাম কৰাৰ আছিল দুৰ্বাৰ হেঁপাহ ৷
সেয়ে কথাৰে নহয়, হাতে-কামে কিবা এটা কৰি দেখুৱাৰ পণ লৈ আগবাঢ়ি গৈছিল যুৱকজন ৷ কিন্তু সেই সময়তে সমগ্ৰ বিশ্বৰ বাবে কাল হৈ আহিল কৰ’ণা মহামাৰী ৷ ক’ভিডৰ ফলত আন বহু লোকৰ দৰেই দীপুৱেও হেৰুৱালে অৰ্থ উপাৰ্জনৰ পথ ৷ দিকবিদিক হেৰুৱাই উপায়ন্তৰ হৈ গৃহভূমিলৈ উভতি আহিল দীপু ৷
তাৰ পাচতে পৰিয়াল পোহপালৰ স্বাৰ্থত দীপু বৰুৱাই নিজ গাঁৱতে মাংসৰ দোকান দিবলৈ আৰম্ভ কৰে ৷ তেওঁৰ মাংসৰ দোকানখনৰ নাম দিলে ‘‘অসমীয়াগিৰী - কৰ্ম এক জাগৰণ’’ (Meat seller in Lakhimpur)৷ মাংস কাটি দুপইচা উপাৰ্জন কৰাৰ পাচতে এক মহান চিন্তাই থিতাপি ল’লে দীপু বৰুৱাৰ মন-মগজুত ৷
দীপু বৰুৱাই মন কৰিবলৈ ধৰিলে যে নতুন প্ৰজন্মৰ প্ৰতিনিধিসকল কিতাপৰ পৰা ক্ৰমাৎ আঁতৰি যাবলৈ ধৰিছে ৷ ম’বাইল ফোন, ইন্টাৰনেটে গ্ৰাস কৰিবলৈ ধৰিছে শিশুৰ পৰা কিশোৰ-কিশোৰীলৈকে ৷ এই দৃশ্যই চিন্তাক্লিষ্ট কৰি তুলিলে দীপুক ৷ সমান্তৰালভাৱে দীপু বৰুৱাৰ চকুত পৰিল সমাজত চলি থকা হত্যা-হিংসা, ধৰ্ষণ আদি ঘটনা প্ৰবাহ ৷ এনে এক পৰিস্থিতিৰ পৰা নতুন প্ৰজন্মক আঁতৰাই ৰখাৰ উপাই হিচাবে গ্ৰন্থ অধ্যয়নৰ কথা ভাবিবলৈ ল'লে দীপুৱে ৷