লখিমপুৰত দুদিনীয়াকৈ আয়োজন কৰা হৈছে মে ডাম মে ফি দিৱসৰ লখিমপুৰ, ৩১ জানুৱাৰী :আজি পৱিত্ৰ মে ডাম মে ফি । আহোমসকলৰ এই জনপ্ৰিয় উৎসৱটি সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হৈছে উলহ-মালহেৰে ৷ পূৰ্বপুৰুষক স্মৰণ কৰিবৰ কাৰণে আৰু দেশ-জাতিৰ মংগলৰ কাৰণে আজিৰ দিনটোতে টাই আহোমসকলে পূজা কৰে তেওঁলোকৰ আৰাধ্য দেৱতাক ৷ লখিমপুৰত কেন্দ্রীয়ভাৱে আয়োজন কৰা হৈছে মে ডাম মে ফি দিৱসৰ (Me Dem Me Fi celebration in Lakhimpur) ।
মে-ডাম-মে-ফিৰ অৰ্থ হ’ল- “মে” মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, “ডাম”- মানে মৃতক আৰু “ফী”- মানে হ’ল দেও বা দেৱতা । টাই আহোম সকলৰ এই ধৰ্মীয় সামাজিক উৎসৱৰ যোগেদি উপৰিপুৰুষ সন্তুষ্ট হৈ স্বৰ্গৰ পৰাই আৰ্শীবাদ প্ৰদান কৰে বুলি বিশ্বাস আছে আহোমসকলৰ মাজত ।
লখিমপুৰত দুদিনীয়াকৈ আয়োজন কৰা হৈছে মে ডাম মে ফি দিৱসৰ লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত কালিৰে পৰা দুদিনীয়া কৈ আয়োজন কৰা হৈছে কেন্দ্রীয় মে ডাম মে ফি উৎসৱৰ । মে ডাম মে ফি উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে উদ্যোক্তা সমিতিয়ে ৷ সামুহিক বৃক্ষৰোপণ, বান ফি পূজা, ডাম ফি, পতাকা উত্তোলন, মৈদাম তৰ্পণ, খেল ধেমালি, মুকলি সভা আদিৰ লগতে স্মৃতি গ্ৰন্থ উন্মোচন, জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান আদিৰো আয়োজন কৰে উদ্যোক্তা সমিতিয়ে ( (Me Dem Me Fi centrally celebrated in Lakhimpur))।
লখিমপুৰত দুদিনীয়াকৈ আয়োজন কৰা হৈছে মে ডাম মে ফি দিৱসৰ মংগলবাৰে ৰাতিপুৱা মে ডাম ফি আৰম্ভ হোৱাৰ পিচত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দণ্ডী তামুলী ফুকনে । চুকাফাৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ড০ অমৰেন্দ্ৰ গগৈয়ে । আহোম সকলৰ পূৰ্বপুৰুষৰ প্ৰতিকী মৈদাম তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নৃপেন ফুকনে । পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত হোৱাৰ পিচতে অনুষ্ঠিত হয় এখন মুকলি সভাখনত ৷
মুকলি সভাখনত সভাপতিত্ব কৰে দণ্ডী তামুলী ফুকনে । মে ডাম মে ফি ৰ বিভিন্ন কাৰ্যসূচীত অংশগ্রহণ কৰি বিশিষ্ট ব্যক্তিসকলে পূৰ্বপুৰুষৰ অসম তথা অসমীয়া জাতি গঠনৰ অৰিহণা , কৰ্মৰাজি স্মৰণ কৰি তেওঁ লোকলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে । আহোমসকলৰ পূৰ্বপুৰুষৰ স্মৃতি তৰ্পণৰ এই উৎসৱ উপলক্ষে পৰম্পৰাগত সাজ সজ্জা, ৰীতি নীতিৰে ত্যাগ ক্ষেত্র মুখৰ হৈ পৰে ((Me Dam Me Phi 2023)) ।
উল্লেখ্য যে, টাই আহোমসকলৰ পৱিত্ৰ মে-ডাম-মেফি অনুষ্ঠান চ্যুকাফাই অসমত ভৰি দিয়াৰ সময়ৰে পৰাই প্ৰজা আৰু ৰাজ্যৰ সুখ-সমৃদ্ধিৰ কাৰণে আয়োজন কৰি আহিছে বুলি জনা যায় । সেই পৰম্পৰা তথা ঐতিহ্যৰ লগতে পুৰ্বপুৰুষক সোঁৱৰি আজিও টাই আহোমসকলে বিভিন্ন স্থানত মে-ডাম-মেফি অনুষ্ঠান ব্যাপক প্ৰস্তুতিৰে অনুষ্ঠিত কৰি আহিছে ।
লগতে পঢ়ক :Budget session 2023: আজি লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনত ভাষণ দিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে