অসম

assam

ETV Bharat / state

লখিমপুৰ চাবতিত মুকলি মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয় - Himanta Biswa Sarma News

দেওবাৰে লখিমপুৰৰ চাবতিত মুকলি কৰা হয় এখন মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয় ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে চিকিৎসালয়খন ৷

চাবতিত মুকলি মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়

By

Published : Nov 17, 2019, 10:54 PM IST

লখিমপুৰ, 17 নৱেম্বৰঃদেওবাৰে লখিমপুৰত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মন্ত্ৰীগৰাকীয়ে দেওবাৰে বহুকেইটা প্ৰকল্প আনুষ্ঠানিকভাৱে মুকলি কৰে ৷

লগতে পঢ়কঃ কেনে অৱস্থাত আছে এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিছাখন !

প্ৰথমে ঢকুৱাখনাত উপস্থিত হৈ এটা পানী যোগান আঁচনি মুকলি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পিচতে লখিমপুৰ জিলা বিজেপিৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰি উপস্থিত হয় লখিমপুৰ অসামৰিক চিকিৎসালয়ত ৷ অসামৰিক চিকিৎসালয়খনত এটা বিনামূলীয়া ডাইলেছিচ কেন্দ্ৰ মুকলি কৰে মন্ত্ৰীগৰাকীয়ে ৷ তাৰ পিচত চাবতিত উপস্থিত হৈ মুকলি কৰে মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়খন উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷

চাবতিত মুকলি মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়

লখিমপুৰত চাবতিত চিকিৎসালয়খন উদ্বোধন কৰি চিকিৎসালয়খনে ৰাইজৰ সমস্যাৰ অন্ত পৰিব বুলি মতপ্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ সাংবাদিকৰ প্ৰশ্নত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী শৰ্মাই ৷ আনহাতে বৃহৎ নদীবান্ধ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মত বুলি উল্লেখ কৰি নদীবান্ধ নিৰ্মাণ হ'বই বুলি কয় ৷ কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী নৱ দলে, সাংসদ প্ৰদান বৰুৱা, বিধায়ক উৎপল দত্তৰ লগতে স্বাস্থ্য বিভাগৰ বহুকেইগৰাকী বিষয়া ৷

ABOUT THE AUTHOR

...view details