লখিমপুৰ,২৩ জুন :ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ বিভীষিকা অব্যাহত আছে (Flood situation of Assam)। লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে বানত । ইয়াৰ মাজতে লখিমপুৰত উত্তাল প্ৰতিবাদ । বিভিন্ন দাবীৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (AAMYCS protest at Lakhimpur)। মুঠ ৯ টাকৈ দাবীৰে সংগঠনটোৰ লখিমপুৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।
উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে । মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়া, শান্তি আলোচনাৰে আলফা সমস্যা সমাধান কৰা, মটক পৰিষদলৈ পৰ্যাপ্ত পুঁজি আৱন্টন দিয়া আদি দাবীৰে উত্তাল কৰি তোলে উপায়ুক্তৰ কাৰ্যালয় ।