অসম

assam

By

Published : Jul 8, 2020, 5:32 PM IST

ETV Bharat / state

বানত সৰ্বস্বান্ত নাওবৈচাৰ শহস্ৰাধিক লোক

বানৰ ফলত সৃষ্টি হোৱা অবৰ্ণনীয় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিছে বৃহত্তৰ নাওবৈচা অঞ্চলৰ 20 খনৰো অধিক গাঁৱৰ ৰাইজে ৷ কিন্তু ইমানৰ পিচতো স্থানীয় জন প্ৰতিনিধিয়ে বানাক্ৰান্তৰ বাবে কোনো ধৰণৰ বিহীত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰে ভুক্তভোগী ৰাইজে ৷

massive flood in naoboicha
massive flood in naoboicha

নাওবৈচা, 8 জুলাইঃ বিগত ডেৰ মাহ ধৰি প্লাৱিত হৈ আছে নাওবৈচাৰ বিস্তৰ অঞ্চল ৷ শিঙৰা নদীৰ বাঢ়নী পানীকে ধৰি পাহাৰৰ পৰা নামি অহা পানীয়ে দক্ষিণ নাওবৈচাৰ 20 খনৰো অধিক গাঁও জলমগ্ন কৰিছে ৷ অবৰ্ণনীয় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিছে গাঁও কেইখনৰ শহস্ৰাধিক বানাক্ৰান্ত লোকে ৷ বানৰ পৰিমাণ কিছু পৰিমাণে হ্ৰাস পাইছিল যদিও, যোৱা তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ বানত বুৰ যায় বিস্তৰ অঞ্চল ৷ কিন্তু ইমানৰ পিচতো এতিয়ালৈকে জিলা প্ৰশাসনৰ লোকৰ লগতে, এগৰাকীও জন প্ৰতিনিধিয়ে বানপিড়ীত অঞ্চলসমূহলৈ গৈ বানাক্ৰান্ত লোকৰ খবৰ লোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷

বানত সৰ্বস্বান্ত নাওবৈচাৰ শহস্ৰাধিক লোক

বানে বুৰাইছে অঞ্চলটোৰ গোসাঁনীবাৰী, ১ নং গেলাহাটী, ২ নং গেলাহাটী, চেঙেলীজান, আহোমনি, টকৌগুৰি, বঙালচুক, শিঙৰা গাঁও, ৰৌদোং, বৰপথাৰ আদিকে ধৰি কুৰি খনৰো অধিক গাঁও ৷ যাৰ বাবে সম্প্ৰতি ভিন্ন সংকটৰ সন্মুখীন হৈছে বৃহত্তৰ অঞ্চলটোৰ বানাক্ৰান্ত লোকসকল ৷ সংহাৰী বানে স্থানীয় লোকৰ বহু বিঘাই কৰা বৰোধানৰ খেতি বিনস্ত কৰিছে ৷ লগতে, বানৰ ফলত সম্প্ৰতি ভিন্ন ৰোগতো আক্ৰান্ত হৈছে স্থানীয় লোক ৷ স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, তেওঁলোকৰ এই সমস্যা আজিৰ নহয় ৷ প্ৰতি বছৰে বানে ক্ষতি কৰি আহিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজক ৷ এইবেলিও প্ৰায় ডেৰ মাহে চাঙৰ ওপৰত খাদ্য ৰান্ধি বন্যাৰ্তই পেট প্ৰৱৰ্তাই থাকিবলগীয়া হৈছে বুলি উল্লেখ কৰে ৷ জানিব পৰা মতে, চৰকাৰ তথা জন প্ৰতিনিধিয়ে তেওঁলোকৰ এই সমস্যা সামাধান হ'ব বুলি বাৰম্বাৰ আশ্বাস প্ৰদান কৰি আহিছে যদিও, আজিলৈ লোৱা নাই কোনো ধৰণৰ বিহীত ব্যৱস্থা ৷ স্থানীয় বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ 5 বছৰীয়া কাৰ্যকাল শেষ হ'বলৈ হ'ল যদিও, আজিলৈ সেই অঞ্চললৈ তেওঁ অহা নাই বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ লগতে সাংসদ প্ৰধান বৰুৱাইয়ো আশ্বাস প্ৰদানৰ বাদে তেওঁলোকৰ বাবে একো কৰা নাই বুলি ক্ষোভ উজাৰিছে ভুক্তভোগী লোকে ৷

লগতে পঢ়কঃপ্ৰলয়ংকাৰী বান : সৰ্বশ্ৰান্ত ধুবুৰীৰ কৃষক

ABOUT THE AUTHOR

...view details