অসম

assam

ETV Bharat / state

Eviction in Pabho reserve forest: বেদখলমুক্ত হ’ল পাভ সংৰক্ষিত বনাঞ্চলৰ 501 হেক্টৰ ভূমি - উচ্ছেদ অভিযান

লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলত চলিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান ৷ দুদিনীয়াকৈ চলা উচ্ছেদ অভিযানত বেদখলমুক্ত কৰা হয় প্ৰায় 501 হেক্টৰ ভূমি ৷ ইয়াৰ ভিতৰত আছিল বিজেপি বিধায়ক অমিয় কুমাৰ ভূঞাৰ বেদখলকৃত ভূমিও ৷

Eviction in Pabho reserve forest
বেদখলমুক্ত হ’ল পাভ সংৰক্ষিত বনাঞ্চলৰ 501 হেক্টৰ ভূমি

By

Published : Jan 11, 2023, 9:07 PM IST

বেদখলমুক্ত হ’ল পাভ সংৰক্ষিত বনাঞ্চলৰ 501 হেক্টৰ ভূমি

লখিমপুৰ, 11 জানুৱাৰী: বিজেপি বিধায়ক অমিয় কুমাৰ ভূঞাৰ বেদখলকৃত ভূমিকে ধৰি পাভ সংৰক্ষিত বনাঞ্চলৰ বৃহৎ পৰিমাণৰ বেদখলকৃত ভূমিত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান(Massive eviction drive in Pabho reserve forest) ৷ মঙল আৰু বুধবাৰে লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলৰ বেদখলকৃত ভূমিত প্ৰায় 501 হেক্টৰ ভূমি বেদখলমুক্ত কৰিলে প্ৰশাসনৰ ৷ ইয়াৰ ভিতৰত আছিল বিহপুৰীয়া সমষ্টিৰ বিজেপি বিধায়ক অমিয় কুমাৰ ভূঞা(MLA Amiya Kumar Bhuyan) সভাপতিৰূপে থকা বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ বিশাল শস্যক্ষেত্ৰ ৷

উল্লেখ্য যে, পাভ বানঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ 81 বছৰ পিছত বনাঞ্চলখনত চলিল প্ৰথমটো বৃহৎ উচ্ছেদ অভিযান(Eviction in Pabho reserve forest) ৷ মঙলবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ কৰা এই উচ্ছেদ অভিযান শান্তিপূৰ্ণ ভাৱে সামৰণি পৰে বুধবাৰে বিয়লি চাৰি বজাত ৷ উচ্ছেদ অভিযান নিৰ্ধাৰিত সময়ত সামৰণি পৰিল যদিও বৃহস্পতিবাৰৰ পৰা পুনৰ অনিৰ্দিষ্ট কাললৈ ৰৈ যোৱা কৃষি ভূমি বিনষ্ট কৰা হ’ব বুলি সদৰি কৰিছে বন বিভাগে ৷

মন কৰিবলগীয়া যে, বনাঞ্চলখনত যি পৰিমাণৰ ভূমি বেদখল কৰাৰ তথ্য লৈ প্ৰশাসনে দুদিনৰ সময়সীমাৰে উচ্ছেদ অভিযান চলালে সেয়া পৰ্যাপ্ত নহ’ল ৷ কিয়নো সংশ্লিষ্ট বিভাগ তথা প্ৰশাসনৰ হাতত থকা তথ্যতকৈয়ো অধিক ভূমি আছিল বেদখলকাৰীৰ কবলত ৷ সেয়েহে উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি ঘোষণা কৰিছে বন বিভাগে(Eviction drive in Lakhimpur) ৷

বৃহস্পতিবাৰৰ পৰা 30 খন ট্ৰেক্টৰ লৈ আৰক্ষী বাহিনী তথা প্ৰশাসনে বনাঞ্চলখনত থাকি যোৱা সৰিয়হকে ধৰি বিভিন্ন খেতি বিনষ্ট কৰিব বুলিও উল্লেখ কৰিছে জিলা বন বিষয়াগৰাকীয়ে ৷ বুধবাৰৰ দিনটোত মহঘূলি এলেকাত 43 খন এস্কেভেটৰ, 33 খন ট্ৰেক্টৰ লৈ উচ্ছেদ চলোৱা হৈছিল । এই উচ্ছেদ অভিযানত বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ বিশাল শস্যভূমি ৷ যাৰ সভাপতি হিচাপে আছিল বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা ৷

অৰ্থাৎ এইবাৰ খোদ শাসকীয় দলৰ বিধায়কেই নামি পৰিছে বনাঞ্চলৰ ভূমি বেদখলত(illegal encroacher) ৷ অৱশ্যে বুলড’জাৰ অভিযানৰ পৰা বাদ নপৰিল সেই বিশাল বেদখলকৃত ভূমিও ৷ জানিব পৰা মতে, বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ উৎপাদিত শস্য অসম সাহিত্য সভাৰ অধিৱেশনলৈ প্ৰেৰণ কৰা কথা আছিল ৷ কিন্তু শস্য চপোৱাৰ পূৰ্বে চলিল জিলা প্ৰশাসৰ বুলড’জাৰ ৷ এই উচ্ছেদ অভিযানত বনাঞ্চলখনৰ বেদখলীকৃত 501 হেক্টৰ ভূমি মুক্ত কৰাৰ লগতে বিস্তৰ এলেকাৰ শস্য ক্ষেত্ৰ নষ্ট কৰা হয় ।

1941 চনৰ 6 মাৰ্চত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা পাভ সংৰক্ষিত বনাঞ্চলত দীর্ঘদিন ধৰি কোনো এখন চৰকাৰে উচ্ছেদ চলোৱাৰ ব্যবস্থা কৰা নাছিল । যাৰ বাবে বেদখলকাৰীয়ে বনাঞ্চলখনৰ অস্তিত্বৰ প্ৰতি কঢ়িয়াই আনিছিল ভাবুকি(Illegal encroacher in Pabho forest) । অৱশেষত সুদীর্ঘ 81 বছৰৰ পিছত ৰাজ্য চৰকাৰে চলালে বৃহৎ উচ্ছেদ অভিযান ৷ মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই উচ্ছেদ অভিযানত বুধবাৰে 250 হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লগতে 299 টা পৰিয়ালৰ ঘৰ-বাৰী উচ্ছেদ কৰা হয় ।

লগতে পঢ়ক:Assam-Arunachal Pradesh border row: ৫৪ টা ঠাইত মীমাংসা সম্পূৰ্ণ

ABOUT THE AUTHOR

...view details