লখিমপুৰ, 5 জুলাই :সোমবাৰে, ৰাজ্যৰ দুই মন্ত্রীৰ পদত্যাগ দাবী কৰি লখিমপুৰ নগৰত মানৱ অধিকাৰ সংগ্ৰাম সমিতি(Manab Adhikar Sangram Samiti) চমুকৈ মাছে এক প্ৰতিবাদী সমদল তথা ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে । মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থতা আৰু ক’লা ব্যৱসায়ীৰ সৈতে কৰ্তৃপক্ষৰ মিতিৰালিৰ অভিযোগ তুলি ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্রী(food and civil supply minister) ৰণজিৎ কুমাৰ দাসৰ পদত্যাগৰ দাবী তোলে ৷ একেদৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী(education minister) ডাঃ ৰণোজ পেগু ছাত্র-ছাত্রী সকলৰ প্ৰতি দায়বদ্ধ নহৈ অদূৰদৰ্শী সিদ্ধান্ত লোৱাৰ অভিযোগত তেওঁৰ বিৰুদ্ধেও পদত্যাগৰ দাবী জনায় ।
উল্লেখ যোগ্য যে, মূল্যবৃদ্ধিয়ে ৰাইজক কোঙা কৰা বিষয়টো সন্দৰ্ভত মুঠেও গুৰুত্ব প্ৰদান নকৰি ৰাজ্যৰ যোগান মন্ত্রীজনে একো এটা পদক্ষেপ নোলোৱাৰ লগতে ক’লা ব্যৱসায়ীৰে সৈতে মিতিৰালি ৰখাৰো অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে । লখিমপুৰৰ এখন ডিপাৰ্টমেন্টেল ষ্টোৰে(departmental store) ক’ভিড মহামাৰীৰ সময়ত অনিয়মৰ আশ্ৰয় লৈ গ্ৰাহকক লুন্ঠন কৰাৰ কথা তথ্য সহকাৰে ৰাজ্যৰ যোগান মন্ত্রীক অৱগত কৰাৰ পাছতো ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উঠিছে ৷ এই ঘটনাই ক’লা ব্যৱসায়ীৰে যোগান মন্ত্রীৰ গোপন মিতিৰালি থকাটো প্ৰমাণ কৰিছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ।
ইয়াৰ লগতে, ছাত্র ছাত্রী সকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে চূড়ান্ত অদূৰদৰ্শী সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন কৰে ৷