লখিমপুৰ, ১২ এপ্রিল :এখন গাঁও, গাঁওখনত এতিয়া অপশক্তিৰ কোপদৃষ্টি পৰিছে ৷ নহয় নহয়, আপুনি ভবাৰ দৰে কোনো ভৌতিক কাহিনীৰ অৱতাৰণা কৰিব খোজা নাই আমি ৷ অপশক্তিৰ কোপদৃষ্টিৰ বাবেই গাঁওখনে হেৰুৱাইছে বহু কিবা-কিবি ৷ নহয়, টকা-পইচা, পথাৰৰ ধান অথবা পুখুৰীৰ মাছ, হাঁহ-কুকুৰা আদি নহয় গাঁওখনৰ পৰা হেৰাবলৈ লৈছে ইজনীৰ পিছত সিজনী বোৱাৰী ৷ হয়, ঠিকেই পঢ়িছে বোৱাৰী হেৰাবলৈ লৈছে লখিমপুৰৰ বঙালমৰাৰ নাহৰণি গাঁৱত (Married women going missing) ৷
মাথো, এটা সপ্তাহৰ ভিতৰতে গাঁওখনৰ পৰা হেৰাইছে দুজনীকৈ বোৱাৰী ৷ পিছে আচৰিত কথা সেইটো নহয় আচৰিত কথা হৈছে যে, বোৱাৰী হেৰোৱাৰ বাবেই এতিয়া গাঁৱৰ ৰাইজ নামি পৰিছে প্ৰতিবাদত ৷ এতিয়া প্ৰশ্ন হয় বোৱাৰীসকল এইদৰে হঠাতে গ’ল ক’লৈ ? গাঁৱৰ ৰাইজ তথা পৰিয়ালৰ মতে পলাই গ’ল ৷ বিবাহ মানেইটো মানুহ প্ৰেমহীন হৈ নাযায়, সেয়ে হয়তো এইসকল বোৱাৰীয়েও এতিয়া বিচাৰি পাইছে নতুন প্ৰেম ৷
পত্নী আনৰ সৈতে গুচি যোৱাৰ পিছত স্বামীসকলে ইয়াৰ বাবে মোবাইলটোকেই জগৰীয়া কৰিছে ৷ মোবাইলতে প্ৰথমে বন্ধুত্ব, তাৰপিছত প্ৰেম হৈ তেওঁলোক কোনো সপোন কোঁৱৰৰ সৈতে নতুন জীৱনৰ সপোন দেখি স্বামী তথা ল’ৰা-ছোৱালী পাহৰি এইদৰে গুচি যোৱা বুলিও একেমুখে অভিযোগ কৰিছে বহুজনে ৷