লখিমপুৰ, ২১ নৱেম্বৰ : লখিমপুৰত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা (AASU generel meeting in Lakhimpur) । যোৱা ১৯ নৱেম্বৰৰ পৰা লখিমপুৰ নগৰৰ খেলপথাৰত পদ্মনাথ গোহাঞিবৰুৱা ক্ষেত্রত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্র সন্থাৰ এই সাধাৰণ সভা । সেই উপলক্ষে সোমবাৰে অন্তিমদিনা অনুষ্ঠিত হয় প্ৰতিনিধি সভা । উক্ত প্ৰতিনিধি সভাত ৰাজ্যৰ কেতবোৰ জ্বলন্ত সমস্যা সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয় ।
সদৌ অসম ছাত্ৰ সন্থাৰ (All Assam Student Union) লখিমপুৰ সাধাৰণ সভাৰ প্ৰতিনিধি সভাত জাতীয় জীৱনৰ বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৰাক আৰু কাৰ্বি আংলঙত দুখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰা (AASU demand two more state universities), বিটিআৰত সকলো জনগোষ্ঠীৰ সমবিকাশৰ বাবে প্ৰমোদ বড়োৰে সৈতে আলোচনা কৰা, প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত শৈক্ষিক সমস্যা সমাধান কৰা, অসম চুক্তিৰ (Assam Accords) প্ৰতিটো দফা ৰূপায়ণ কৰা আদি সিদ্ধান্তবোৰ গ্ৰহণ কৰা হয় ।
অন্যহাতে, সাংবিধানিক ৰক্ষা কৱচ, সমষ্টি পুনৰ নিৰ্ধাৰণ আদি কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক হেঁচা দিবলৈ সিদ্ধান্ত লোৱা হয় । আনহাতে, আছুৰ বৰ্তমানৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সন্দৰ্ভতো গ্ৰহণ কৰা হয় এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত (AASU chief advisor Samujjal Kumar Bhattacharya) । আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই নিজে ইচ্ছা কৰি আঁতৰি নোযোৱা পৰ্যন্ত আছুৰ অভিভাৱকৰ দায়িত্ব পালন কৰি যাবলৈ আহ্বান জনাই প্ৰতিনিধি সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।