লখিমপুৰ, ১৫ জুন:ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত (Man elephant conflict in Assam) ৷ ৰাজ্যত প্ৰায়েই হাতীৰ আক্ৰমণত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে ৷ সমান্তৰালকৈ লখিমপুৰতো অব্যাহত আছে হাতী মানুহৰ সংঘাত (Man Elephant conflict in Lakhimpur) ৷ জিলাখনৰ বিশেষকৈ অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত বন্যহস্তীৰ উপদ্ৰৱ নৈমিত্তিক ঘটনা হৈ পৰিছে ৷
মঙলবাৰে নিশাও লখিমপুৰ জিলাৰ ফুলবাৰিত বনৰীয়া হাতীয়ে ত্ৰাস সৃষ্টি কৰে । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি বনৰীয়া হাতীৰ দলটোৱে জনাঞ্চলত বাহৰ পতাত আতংকিত হৈ পৰিছে ফুলবাৰীবাসী । ৰাতি শুই থকা অৱস্থাতে গাঁওখনৰ বাসিন্দা কৃষ্ণ শইকীয়া আৰু যোগেন শইকীয়াৰ বাসগৃহত প্ৰৱেশ কৰি বনৰীয়া হাতীৰ জাকটোৱে বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে (Wild elephant persecution in Lakhimpur) ।
লগতে বাসগৃহত থকা ধান-চাউল, কিতাপ পত্ৰকে আদি কৰি বিভিন্ন সামগ্ৰী সম্পূৰ্ণভাৱে নষ্ট কৰি লণ্ড-ভণ্ড কৰে হাতীৰ জাকটোৱে ৷ অৱশ্যে হাতীৰ আক্ৰমণত কথমপিহে প্ৰাণ ৰক্ষা পৰে পৰিয়াল দুটাৰ সদস্যকেইজনৰ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ফুলবাৰী খণ্ড বন বিষয়া উপস্থিত হৈ ঘটনাৰ সবিশেষ বুজ লয় ৷