লখিমপুৰ, 23 ফেব্ৰুৱাৰী : নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি পুনৰ বাহালৰ দাবীত মঙলবাৰে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ আহ্বানমৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু মাধৱদেৱ বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সহযোগত সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়িত কৰা হয় ৷ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাঙ্গণত ৰূপায়িত কাৰ্যসূচীত অংশগ্ৰহণকাৰী শিক্ষক-শিক্ষয়িত্ৰীসকলে একেমুখে পুৰণি পেঞ্চন নীতিৰ বাহালৰ বাবে চৰকাৰক আহ্বান জনায় ৷
পুৰণি পেঞ্চন নীতি বাহালৰ দাবীত মাধৱদেৱ বিশ্ববিদ্যালয়ত কৰ্মবিৰতি - নতুন পেঞ্চন নীতি
নতুন পেঞ্চন নীতিয়ে শিক্ষক বিষয়া কৰ্মচাৰী সমাজৰ অৱসৰ জীৱনৰ বেলাত বিৰূপ প্ৰভাৱ পেলাব বুলিও অভিযোগ কৰে শিক্ষক-শিক্ষয়িত্ৰীসকলে ৷
![পুৰণি পেঞ্চন নীতি বাহালৰ দাবীত মাধৱদেৱ বিশ্ববিদ্যালয়ত কৰ্মবিৰতি MADHABDEV UNIVERSITY TEACHERS PROTEST](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10745394-thumbnail-3x2-k.jpg)
শিক্ষক-শিক্ষয়িত্ৰীসকলে অসমৰ চৰকাৰী কৰ্মচাৰী সমাজৰ মাজত নতুন পেঞ্চন নীতি ব্যৱস্থাই নেতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে অৰ্থ সমাজিক ব্যৱস্থাটো ব্যপক প্ৰভাৱ পেলাব বুলি উল্লেখ কৰে ৷ তেওঁলোকে নতুন পেঞ্চন নীতিয়ে শিক্ষক বিষয়া কৰ্মচাৰী সমাজৰ অৱসৰ জীৱনৰ বেলাত বিৰূপ প্ৰভাৱ পেলাব বুলিও অভিযোগ কৰে ৷ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অৱসৰ জীৱনক সুৰক্ষা দিয়াৰ স্বাৰ্থত ন-পুৰণি সকলো কৰ্মচাৰীকে পুৰণি পেঞ্চন আঁচনিৰ আওতাত নিশ্চিত পেঞ্চন প্ৰদান কৰিবলৈ ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰক আহ্বান জনায় ৷
লগতে পঢ়ক :আলফাৰ সংবাদমেলৰ আয়োজন প্ৰসংগ: গুৱাহাটী প্ৰেছ ক্লাবৰ বিৰুদ্ধে গোচৰ