বিহপুৰীয়া,২৩ ফেব্ৰুৱাৰী:শিৱসাগৰস্থিত মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেতেকুপুখুৰীত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যেতি গগৈ । দলীয় কাৰ্যসূচীৰ বাবে লখিমপুৰৰ পৰা গহপুৰ অভিমুখে গৈ থকাৰ পথতে গুৰুজনাৰ জন্মস্থানত লেতেকুপুখুৰীত উপস্থিত হয় নেতাগৰাকী । লগতে লেতেকুপুখুৰীৰ থানত আশীষ ললে লুৰীণজ্যোতি গগৈয়ে । আশীষ গ্ৰহণ কৰি নেতা গৰাকীয়ে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ পবিত্ৰ জন্মভূমিক সৰ্বাংগ সুন্দৰ ৰূপত গঢ়ি তোলাৰ প্ৰয়োজন আছে মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত । লগতে গুৰুজনাৰ সৃষ্টিৰাজি, বিশ্ব বিদ্যালয় আৰু কলাক্ষেত্ৰৰ নামত চৰকাৰে বিভিন্ন সময়ত অৱহেলা কৰা সন্দৰ্ভতো সমালোচনা কৰে বিজেপি তথা কংগ্ৰেছ চৰকাৰক । লগতে তেওঁৰ আশা যদিহে ৰাইজে সঁহাৰি দিয়ে আগন্তুক দিনত অসম জাতীয় পৰিষদে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানক বিশ্বৰ ভিতৰতে জিলিকাই তুলিব ।
মাধৱদেৱৰ জন্মস্থানত লুৰীণজ্যোতি গগৈ - lurinjyoti gogoi at letekupukhuri
মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেতেকুপুখুৰীত মঙলবাৰে উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যেতি গগৈ । নেতাগৰাকীৰ লগতে দলৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত লেতেকুপুখুৰীত ।
![মাধৱদেৱৰ জন্মস্থানত লুৰীণজ্যোতি গগৈ মাধৱদেৱৰ জন্মস্থানত লুৰীণজ্যোতি গগৈ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10742200-1036-10742200-1614077295103.jpg)
মাধৱদেৱৰ জন্মস্থানত লুৰীণজ্যোতি গগৈ
মাধৱদেৱৰ জন্মস্থানত লুৰীণজ্যোতি গগৈ
বিহপুৰীয়া নগৰৰ পৰা দলীয় কৰ্মী তথা সমৰ্থকৰ কেবাশতাধিক বাইকৰ সমদলেৰে মাধৱদেৱৰ জন্মস্থানলৈ আদৰি অনা নেতা গৰাকীক সংগ দিয়ে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক চিত্ৰৰঞ্জন বসুমতাৰী,সাংগঠনিক সম্পাদক অচ্যুত শইকীয়া,উপ-সভাপতি হৰেন চুতীয়া,গোলাপ শইকীয়া প্ৰমুখ্যে বহু কেইগৰাকী কেন্দ্ৰীয় নেতাই ৷
লগতে পঢ়ক:দৰং গৃহৰক্ষী বাহিনীৰ নিযুক্তিত অনিয়ম : বিষয়াৰ বদলিকৰণৰ দাবী