অসম

assam

By

Published : Apr 18, 2020, 8:01 PM IST

ETV Bharat / state

লক ডাউনৰ বাবে বিহপুৰীয়াৰ এহাল বৃদ্ধা দম্পতিৰ কৰুণ অৱস্থা

কৰ'ণা ভাইৰাছৰ বাবে দেশজুৰি অব্যাহত আছে লক ডাউন যেন এতিয়া দেশৰ একাংশ লোকৰ বাবে হৈ পৰিছে অভিশাপ স্বৰূপ ৷

Lockdown effect badly upon a old couple in Bihpuria
লক ডাউনৰ বাবে বিহপুৰীয়াৰ এহাল বৃদ্ধা দম্পতিৰ কৰুণ অৱস্থা

বিহপুৰীয়া, 18 এপ্ৰিল: বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ বাবে দেশজুৰি অব্যাহত আছে লক ডাউন ৷ এই মহামাৰীৰ পৰা দেশবাসীক ৰক্ষা কৰাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা লক ডাউনৰ সিদ্ধান্ত যেন এতিয়া দেশৰ একাংশ লোকৰ বাবে হৈ পৰিছে জীয়া অভিশাপ স্বৰূপ ৷ মূলত লক ডাউনৰ সময়ছোৱাত দুবেলা দুমুঠি আহাৰৰ যোগাৰ কৰাৰ সকলো বাট হেৰুৱাই উপায়ন্তৰ হৈ পৰিছে দেশৰ এক বৃহৎ সংখ্যক সৰ্বসাধাৰণ ৰাইজে ৷

লক ডাউনৰ বাবে বিহপুৰীয়াৰ এহাল বৃদ্ধা দম্পতিৰ কৰুণ অৱস্থা

লক ডাউনৰ সময়ঠোৱাত গভীৰ সংকটত পৰিছে লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চেঁচাৰ এহাল বৃদ্ধ দম্পতী ৷ দহবছৰ পূৰ্বে চকুৰে নেদেখা হোৱা বৃদ্ধ সৰুপাই কটকী আৰু পত্নী সুভদ্ৰা কটকীৰ বাবে লক ডাউন যেন একপ্ৰকাৰে মূৰত সৰগ ভাগি পৰাৰ দৰে হৈছে ৷ সুভদ্ৰা কটকীয়ে খুজি মাগি কোনোমতে এসাঁজ খুৱাই আছিল যদিও লক ডাউনে সেয়াও বন্ধ কৰিলে ৷ ওচৰ চুবুৰীয়াৰ বাবে কোনো মতে এসাঁজ খাই দিন অতিবাহিত কৰা বৃদ্ধ দম্পতীহালৰ উৰুখা পঁজাটোও বৃহস্পতিবাৰে অহা প্ৰবল ধুমুহাজাকে তচনচ কৰি গ’ল ৷ পিতৃ-মাতৃ হালক চোৱা চিতা কৰাৰ দায়িত্ব জ্ঞানহীন পাঁচ কুলাংগাৰ পুত্ৰৰ বাবে এটি উৰুখা পঁজাতে দিন ৰাতি পাৰ কৰি দিগবিদিক হেৰুৱাইছে দম্পতীহালে ৷ লক ডাউন কি আৰু কিয় এওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ নহয় ৷ গুৰুত্ব মাথো এসাঁজ আহাৰৰ ৷ বৃদ্ধা দম্পতি হালে জনোৱা অনুসৰি চৰকাৰৰ পৰাও কোনো ধৰণৰ সহায় লাভ কৰা নাই তেওঁলোকে ৷ চৰকাৰৰ কোনো আচঁনিয়েই ঢুকি নোপোৱা দম্পতীহালৰ কথা ভাবিৱলৈ যেন আহৰি নাই জনপ্ৰতিনিধি কিম্বা পঞ্চায়ত প্ৰতিনিধিসকলৰ ৷ উপায়হীন দম্পতীহালৰ এতিয়া চকুৰ পানীৰে বাট নেদেখা অৱস্থা ৷ পাঁচ পুত্ৰৰ অৱজ্ঞাৰ বলি হোৱা এই বৃদ্ধা দম্পতিহালক এতিয়া প্ৰয়োজন ৰাইজ তথা চৰকাৰৰ অকণমান সহায় আৰু সহাৰ্যৰ ৷

লগতে পঢ়কঃ শ্ৰমিকসকলৰ সমস্যাৰ বিষয়ে অৱগত হ'বলৈ ৰাজ্যসমূহক নিৰ্দেশনা শ্ৰম মন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details