অসম

assam

ETV Bharat / state

ডিক্ৰং নৈখন পূৰ্বৰ সুঁতিৰে বৈ যাবলৈ ৰাইজৰ যজ্ঞৰ আয়োজন - Erosion in Dikrong River

চপৰা-চপৰে খহিছে ডিক্ৰং নৈৰ গৰা (Erosion in Dikrong River) ৷ ইতিমধ্যে খহনীয়াত বহু বিঘা কৃষিভূমিৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহ ডিক্ৰং নৈত জাহ গৈছে ৷ ফলত আতংকিত ৰাইজে পূজা-অৰ্চনাৰে যজ্ঞ আয়োজন কৰি ডিক্ৰং নৈখন পূৰ্বৰ সুঁতিৰে বৈ যাবলৈ প্ৰাৰ্থনা কৰে (Locals of bihpuria offers prayers to get rid of erosion) ।

locals-of-bihpuria-offers-prayers-to-get-rid-of-erosion
ডিক্ৰং নৈখন পূৰ্বৰ সুঁতিৰে বৈ যাবলৈকে বাবে ৰাইজৰ যজ্ঞৰ আয়োজন

By

Published : Jun 22, 2022, 7:37 PM IST

বিহপুৰীয়া, 22 জুন:বিহপুৰীয়াত ডিক্ৰঙৰ সোঁ পাৰৰ মথাউৰিলৈ ডিক্ৰং নৈৰ খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰাত আতংকিত হৈ পৰিছে অৰ্ধ শতাধিক গাঁৱৰ ৰাইজ ৷ ইতিমধ্যে খহনীয়াত বহু বিঘা কৃষিভূমিৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহ ডিক্ৰং নৈত জাহ গৈছে (Erosion in Dikrong River) ।

ডিক্ৰং নৈখন পূৰ্বৰ সুঁতিৰে বৈ যাবলৈকে বাবে ৰাইজৰ যজ্ঞৰ আয়োজন

ইফালে বিগত দিন কেইটাত ক'লাবিল মৰনৈ গাঁৱৰ বহুকেইটা পৰিয়ালৰ ভেটি-মাটি নদীত জাহ গৈছে । পানী কমাৰ লগে লগে নৈখনে পূব দিশৰ ক'লাবিল মৰনৈৰ গৰা চপৰা চপৰে খহোৱাৰ পিছত আতংকিত হৈ নৈপৰীয়া ৰাইজে ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে । আনহাতে, জলসম্পদ বিভাগৰ বিহপুৰীয়া কাৰ্যালয়ৰ কাৰ্য্যবাহী অভিযন্তা তথা বিষয়া কৰ্মচাৰীৰ চূড়ান্ত দায়িত্বহীনতাৰ ফলত নদীখনৰ খহনীয়া ৰোধ কৰিব নোৱাৰিলে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

বুধবাৰে বিভাগটোৰ বিহপুৰীয়া কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে খহনীয়া ৰোধৰ ব্যৱস্থা কৰিছে যদিও বিভাগৰ পূৰ্বৰ কৰ্মদক্ষতা দেখি চৰকাৰ তথা জনপ্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে ভুক্তভোগীসকলে ৷ সেয়ে এতিয়া নেদেখাজনৰ ওপৰত শৰণাপন্ন হৈছে খহনীয়াগ্ৰস্ত ৰাইজ । বুধবাৰে আতংকিত ৰাইজে পূজা-অৰ্চনাৰে যজ্ঞ আয়োজন কৰি ডিক্ৰং নৈখন পূৰ্বৰ সুঁতিৰে বৈ যাবলৈকে প্ৰাৰ্থনা কৰে (Locals of bihpuria offers prayers to get rid of erosion) ।

লগতে পঢ়ক:ৰাজধৰ্ম পাহৰি আয়াৰাম গয়াৰামৰ ৰাজনীতিত নামিছে মুখ্যমন্ত্ৰী: বিৰোধী দলপতি

ABOUT THE AUTHOR

...view details