অসম

assam

ETV Bharat / state

সোৱণশিৰি নদীৰ বালিভেটা পাৰঘাটৰ নিবিদাক লৈ ক্ষোভ স্থানীয় ৰাইজৰ - bridge over the Subansiri river

লখিমপুৰৰ পৰা ঘুনাসুঁতিক সংযোগ কৰি সোৱণশিৰি নদীৰ ওপৰত ৩৮৩ কোটি টকা ব্যয়েৰে এখন দলং নিৰ্মাণ হ’ব (Bridge over Subansiri river connecting Lakhimpur to Ghunasuti) । এই খবৰে ঘুনাসুঁতিৰ ৰাইজক আহ্লাদিত কৰি ৰখাৰ সময়তে আন এক খবৰে ক্ষুন্ন কৰি তুলিছে ৰাইজক ।

Local people outrage over subansiri river's baliveta parghat bid
সোৱণশিৰি নদীৰ বালিভেটা পাৰঘাটৰ নিবিদাক লৈ ক্ষোভ স্থানীয় ৰাইজৰ

By

Published : Jun 29, 2022, 11:58 AM IST

লখিমপুৰ, ২৯ জুন: ৰাজ্য চৰকাৰে ঘুনাসুঁতিত এখন দলং নিৰ্মাণৰ সিদ্ধান্ত লৈ ঘুনাসুঁতিবাসীক স্বাধীনত্তোৰ কালৰ পৰা ভুগি অহা সমস্যাৰ পৰা উদ্ধাৰ কৰাৰ খবৰে ৰাইজক আনন্দিত কৰি ৰখাৰ সময়তে মিচিং স্বায়ত্তশাসিত পৰিষদে(Mising Autonomous Council) আন এক দুঃখবৰ কঢ়িয়াই আনিছে । ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তমৰ্মে দলংখনৰ নিৰ্মাণ সম্পূর্ণ হ’বলৈ কমেও তিনি চাৰি বছৰৰ প্ৰয়োজন হ’ব । তেতিয়ালৈকে ৰাইজে নাৱেৰেই যাতায়ত অব্যাহত ৰাখিব লাগিব ।

বছৰ বছৰ ধৰি বালিভেটা পাৰঘাটেৰে ৰাইজে অহাযোৱা কৰি আহিছে । সামান্য পৰিমাণৰ ভাৰা দি ৰাইজে নাৱেৰে এই ঘাটেৰে পাৰাপাৰ হৈ আহিছে । কিন্ত মিচিং স্বায়ত্ব শাসিত পৰিষদে(MAC) ঘুনাসুঁতি পাৰঘাটৰ এইবাৰৰ নিবিদা দুগুণ বৃদ্ধি কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে ঘুনাসুঁতি বালিভেটা গাঁৱৰ ৰাইজ । মিচিং স্বায়ত্ব শাসিত পৰিষদে (MAC) ঘুনাসুঁতি বালিভেটা পাৰঘাটৰ নিবিদা পূৰ্বতকৈ দুগুণ বৃদ্ধি কৰাৰ অভিযোগ তুলিছে গাঁৱৰ ৰাইজে ৷

স্থানীয় ৰাইজ

উল্লেখ্য যে, পূৰ্বতে কম মূল্যত এই পাৰঘাটটো স্থানীয় লোকে চলাই আহিছিল । নামমাত্ৰ ভাৰা লৈ ৰাইজক পাৰাপাৰ কৰিছিল । কিন্ত মিচিং স্বায়ত্ব শাসিত পৰিষদে এইবাৰ নিবিদাৰ মূল্য বহুগুণে বৃদ্ধি কৰাত স্থানীয় লোকে হাতৰ পৰা ঘাটটো এৰি দিবলৈ বাধ্য হয় । ঘাটটোৰ নিবিদা মূল্য অধিক হোৱাৰ বাবে নাৱৰ যাত্ৰীৰ ভাৰাও কেইবাগুণ বৃদ্ধি হ’ব । যিটো সাধাৰণ খাটি খোৱা লোকৰ বাবে বহন কৰাটো টান হৈ পৰিব ।

বিশেষকৈ নদীখনৰ ইপাৰে সিপাৰে খেতি কৰিবলৈ যাবলগীয়া ৰাইজে দেৰশ, দুশ টকা নাৱৰ ভাৰা দি দৈনিক অহা যোৱা কৰাতো তেওঁলোকৰ বাবে সাধ্যৰ বাহিৰত । আনহাতে দূৰৈৰ ব্যক্তিক ঘাটটো আৱন্টন দিয়াৰ ফলত নিশাৰ ভাগত ঘুনাসুঁতিৰ পৰা চিকিৎসা নাইবা আন কোনো জৰুৰী কামত ৰাইজ আহিবলগীয়া হ’লে নদী পাৰ হোৱাৰ ক্ষেত্ৰত ভীষণ সমস্যা হোৱাৰো সন্দেহ কৰিছে ৰাইজে ।

বালিভেটাৰ ৰাইজৰ হাতত ঘাটটো থাকিলে এই সমস্যা উদ্ভৱ নহ’লহেতেন বুলি উল্লেখ কৰি স্থানীয় ৰাইজে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে । সাধাৰণ ৰাইজক নদী পাৰাপাৰৰ ক্ষেত্ৰত সংকটত নেপেলাবলৈ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কৰ্তৃপক্ষক আহ্বান জনাইছে এইসকল লোকে ।

লগতে পঢ়ক :বান পৰিস্থিতি পৰিদৰ্শন কৰি বৰপেটা সত্ৰত সেৱা জনালে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details