অসম

assam

ETV Bharat / state

নাওবৈচাৰ দলহাট বজাৰত আৱকাৰী-আৰক্ষী বিভাগৰ অভিযান - Liquor

লক্ষীমপুৰৰ নাওবৈচাত আৱকাৰী-আৰক্ষীৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ৷ শনিবাৰে চলোৱা এই অভিযানত দলহাট সাপ্তাহিক বজাৰত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ৷ অভিযানত প্ৰায় 100 লিটাৰ চুলাই মদ নষ্ট কৰে অভিযানকাৰী দলটোৱে ৷

নাওবৈচাৰ দলহাট বজাৰত আবকাৰী-আৰক্ষী বিভাগৰ অভিযান

By

Published : Aug 4, 2019, 4:15 PM IST

নাওবৈচা, 04 আগষ্ট: লক্ষীমপুৰৰ নাওবৈচাত আৱকাৰী-আৰক্ষীৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ৷ শনিবাৰে চলোৱা এই অভিযানত দলহাট সাপ্তাহিক বজাৰত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ৷ অভিযানত প্ৰায় 100 লিটাৰ চুলাই মদ নষ্ট কৰে অভিযানকাৰী দলটোৱে ৷ বিষাক্ত চুলাই আৰু অৰুণাচল প্ৰদেশত প্ৰস্তুত কৰা নিম্নমানৰ অৰুণাচালী সুৰাৰ অবাধ প্ৰচলনে উত্তৰ অসমৰ ভিতৰত নাওবৈচাৰ দলহাট বজাৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ সামাজিক-শৈক্ষিক পৰিবেশ বিঘ্নিত কৰা সময়তে ৰাজহুৱা অভিযোগৰ ভিত্তিত আৱকাৰী আৰু আৰক্ষী বিভাগে যুটীয়াভাৱে চলাই এই অভিযান ৷ অভিযোগ মতে, দীৰ্ঘদিন ধৰি প্ৰায় 70টা চুলাই মদৰ ভাটিত একাংশ পুৰুষ-মহিলাই এই অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল দলহাট বজাৰৰ মাজমজিয়াত ৷ মাজে-সময়ে আৱকাৰী বিভাগে চুলাই মদৰ এই ভাটিসমূহত উচ্ছেদ চলাই যদিও ৰহস্যজনকভাৱে এই ভাটিসমূহ বন্ধ কৰিব পৰা নাছিল প্ৰশাসনে ৷

নাওবৈচাৰ দলহাট বজাৰত আবকাৰী-আৰক্ষী বিভাগৰ অভিযান

শেহতীয়াকৈ আদিবাসী ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে চুলাই ঘাটিসমূহ বন্ধ নকৰিলে দেওবাৰে দলহাট সাপ্তাহিক বজাৰ বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷ আদিবাসী ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰৰ ভিত্তিত নাওবৈচা ৰাজহ চক্ৰ বিষয়া চন্দ্ৰকমল বৰাৰ উপস্থিতিত লখিমপুৰ জিলাৰ আবকাৰী বিষয়া প্ৰাঞ্জল পাংগিং আৰু দলহাট আৰক্ষী চকীৰ বিষয়া ব্ৰজেন মেধিৰ সহযোগত আৱকাৰী আৰু আৰক্ষীৰ দলে অভিযান চলাই জব্দ কৰি নষ্ট কৰে বৃহৎ পৰিমাণৰ অবৈধ সুৰা ৷

ABOUT THE AUTHOR

...view details