বিহপুৰীয়া, 15 ছেপ্টেম্বৰ :মানৱতাৰ সুন্দৰ নিৰ্দশন দাঙি ধৰিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ প’লিটেকনিক কলেজ ক'ভিড কেয়াৰ চেন্টাৰত কৰ্মৰত চিকিৎসক,স্বাস্থ্য কৰ্মী আৰু ক’ভিড-১৯ত আক্ৰান্ত ৰোগীয়ে ৷ ক’ভিড-১৯ ত আক্ৰান্ত হৈ পিতৃ-মাতৃৰ লগত ক'ভিড কেয়াৰ চেন্টাৰত চিকিৎসা গ্ৰহণ কৰি থকা এগৰাকী সাত বছৰীয়া কণমানিৰ জন্ম দিন পালন কৰা হয় ৷ বেলুন আঁৰি, কেক্ কাটি অতি উলহমালহেৰে জন্মদিন উদযাপন কৰা হয় ক’ভিড কেয়াৰ চেন্টাৰটোত ৷
বিশ্বনাথ চাৰিআলিৰ গেৰুৱাবাৰীৰ নিবাসী তথা লখিমপুৰৰ লীলাবাৰিস্থিত ১৩ নং অসম বেটেলিয়নত কৰ্মৰত দীপ কুমাৰ বৰা, পত্নী দিব্যজ্যোতি বৰুৱাৰ কন্যা লক্ষীপ্ৰিয়া বৰাৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰাৰ পাচত যোৱা ৬ ছেপ্তেম্বৰ পৰা প’লিটেকনিক ক'ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন অৱস্থাত আছিল ৷ কণমানি লক্ষীপ্ৰিয়া ক'ভিড কেয়াৰ চেন্টাৰটোৰ ক'ভিড ৰোগীৰ লগতে চিকিৎসক,স্বাস্থ্য কৰ্মী সকলোৰে প্ৰিয় হৈ পৰিছিল ৷