অসম

assam

ETV Bharat / state

PM Modi's Assam visit : লখিমপুৰ কেঞ্চাৰ হাস্পতালত এহেজাৰ গছি বন্তি প্ৰজ্বলন - মোডীয়ে ৰাজ্যৰ 7 খনকৈ কেন্সাৰ চিকিৎসালয় আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব

আজি অসমত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু শুভ উদ্বোধন কৰিব লখিমপুৰ কেঞ্চাৰ হাস্পতালৰ লগতে ৰাজ্যৰ অন্যান্য 6 খনকৈ কেঞ্চাৰ হাস্পতাল ৷ সেয়ে প্ৰধানমন্ত্ৰী গৰাকীক আদৰণিৰ লগতে কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে বুধবাৰে লখিমপুৰ কেঞ্চাৰ হাস্পতালত এহেজাৰ গছি বন্তি প্ৰজ্বলন কৰা হয় (Thousand earthen lamps lit at Lakhimpur Cancer Hospital) ।

Thousand earthen lamps lit at Lakhimpur Cancer Hospital
এহেজাৰ গচি বন্তি প্ৰজ্বলন লখিমপুৰ কেন্সাৰ হাস্পতালত

By

Published : Apr 28, 2022, 10:47 AM IST

লখিমপুৰ, 28 এপ্ৰিল : অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত আজি অৰ্থাৎ বৃহস্পতিবাৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi to visit Assam) ৷ যাৰ বাবে ৰাজ্য চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে (Preparing for PM meeting) ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ এটা দিন পূৰ্বে অৰ্থাৎ বুধবাৰে নিশা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত আয়োজিত কৰা হয় এক বিশেষ কাৰ্যসূচী ৷

এহেজাৰ গচি বন্তি প্ৰজ্বলন লখিমপুৰ কেন্সাৰ হাস্পতালত

দেশৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰাৰ পূৰ্বে লখিমপুৰ কেঞ্চাৰ হাস্পতালত প্ৰজ্বলন কৰা হয় এহেজাৰ গছি বন্তি (Thousand earthen lamps lit at Lakhimpur Cancer Hospital) ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যৰ 7 খনকৈ কেঞ্চাৰ চিকিৎসালয় আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব (PM Modi to inaugurate 7 cancer hospital) ৷ ইয়াৰ ভিতৰত আছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নাম ৷

লগতে পঢ়ক :PM Modi to Visit Assam: কঁকালত টঙালি বান্ধি সাজু ডিব্ৰুগড় আৰক্ষী-প্ৰশাসন

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত নিৰ্মিত অত্যাধুনিক কেঞ্চাৰ চিকিৎসালয়খন ডিব্ৰুগড়ৰৰ পৰাই ভাৰ্চুৱেলী শুভাৰম্ভ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ 45 খন বিচনাযুক্ত এই কেঞ্চাৰ চিকিৎসালয়ত আছে দন্ত চিকিৎসাৰ ব্যৱস্থাও ৷ এই চিকিৎসালয়ত 29 এপ্ৰিলৰ পৰা দন্ত চিকিৎসক সহ চাৰিগৰাকী চিকিৎসকে বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাক সন্ধিয়া এহেজাৰ গচি বন্তি প্ৰজ্বলন লখিমপুৰ কেন্সাৰ হাস্পতালত

সেয়ে চিকিৎসালয়খন শুভাৰম্ভৰ প্ৰাক সন্ধিয়া 1000 গছি বন্তি প্ৰজ্বলনেৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰণিৰ লগতে কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে লখিমপুৰৰ বিধায়কৰ লগতে চিকিৎসালয়খনৰ চিকিৎসক তথা কৰ্মচাৰী সকলে এই কাৰ্যসূচী অনুষ্ঠিত কৰে ৷

লগতে পঢ়ক :কাৰ্বি পাহাৰত লক্ষাধিক ত্ৰিৰংগা প্ৰদৰ্শনেৰে প্ৰধানমন্ত্ৰীক আদৰাৰ পৰিকল্পনা বিজেপিৰ

ABOUT THE AUTHOR

...view details