বিহপুৰীয়া,29 জানুৱাৰীঃ বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল বঢ়াৰপো মাধৱদেৱৰ জন্মভূমি লেটেকুপুখুৰী ৷ বুধবাৰৰ পৰা ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা অংকীয়া ভাওনা সমাৰোহৰ দ্বিতীয় দিনটো মুখৰ হৈ পৰিল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা,সংগীতময় ভাগৱতৰ অমিয়া ৰস আৰু গুৰুজনাৰ অনবদ্য অৱদান অংকীয়া ভাওনাৰে ৷ সমাগম ঘটিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তপ্ৰাণ ৰাইজৰ ৷ ৰূপায়িত ভিন্নৰঙী কাৰ্যসূচীত পুৱাৰ ভাগত অন্তৰ্ভুক্ত হ'ল পৰিৱেশ সজ্জা ৷ লেটেকুপুখুৰীৰ নামাচাৰ্য বলোৰাম বৰগায়নৰ দ্বাৰা নাম প্ৰসংগৰ পিছতে উলিওৱা হয় বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা।
বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকাই উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত ৰাজ্যৰ ভিন্ন সংস্কৃতি প্ৰদৰ্শন কৰা হয়। গুৰুজনাৰ জন্মস্থানৰ পৰা বৰবালি, পঠালিপাহাৰ,ভোগপুৰ,মধুপুৰ,ভোলাবৰী,কমলপুৰ,বৰপথাৰ,নাৰায়ণপুৰৰ পৰা পুণৰ বৰপথাৰ হৈ সমাৰোহস্থলিত উপস্থিত হোৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই মোহিত কৰে সকলোকে । বিয়লি ১ বজাৰ পৰা সমাৰোহস্থলীত আৰম্ভ হয় ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। পুৰুষোত্তম উপাধ্যায়ে ব্যাখ্যা আগবঢ়োৱা সংগীতময় অনুষ্ঠানটিয়ে উপস্থিত ভকত-বৈষ্ণৱ সকলক বাৰুকৈয়ে আপ্লুত কৰিবলৈ সক্ষম হয় ।