বিহপুৰীয়া, 15 মাৰ্চ: বহু বছৰ পূৰ্বে বিভিন্ন ঠাইত সততে বৰটোকোলা দেখিবলৈ পোৱা গৈছিল যদিও সম্প্ৰতি বৰটোকোলা এক দুৰ্লভ পক্ষী (Lesser adjutant stork) ৷ কিন্তু অতি সুখৰ খবৰ যে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ৰঙতি চাৰিআলিত বৰ্তমান বহু সংখ্যক বৰটোকোলা উপলব্ধ ৷
বিগত কেইবাবছৰ পূৰ্বে ৰঙতি চাৰিআলিস্থিত এজোপা শিমলু গছত এহাল বৰটোকোলাই আশ্ৰয় লৈছিল ৷ ইয়াৰ পৰাই বংশ বৃদ্ধি হৈ বতৰ্মান প্ৰায় ৪০-৫০ টা বৰটোকোলা হৈছে৷ উক্ত বৰটোকোলাবোৰে তিনি-চাৰি জোপা শিমলু গছৰ লগতে আন গছত বাঁহ সাজি নিৰাপদ আশ্ৰয়স্থল হিচাপে বাচি লৈছে ৷ অঞ্চলটোৰ সমীপৰ বিভিন্ন বিল, নদীৰ পাৰত খাদ্য সন্ধান কৰে বৰটোকালবোৰে (Rare lard wadding bird)৷