অসম

assam

ETV Bharat / state

অশান্ত অসম-অৰুণাচল সীমান্ত : অসমৰ মাটিত প্ৰৱেশ অৰুণাচল আৰক্ষীৰ - border dispute

সীমা সংঘাতে অশান্ত কৰি তুলিছে লখিমপুৰৰ অসম-অৰুণাচল সীমান্ত । বৃহস্পতিবাৰে পুনৰ অসমৰ মাটিত অৰুনাচল আৰক্ষীয়ে প্ৰৱেশ কৰি সৃষ্টি কৰে এক উত্তেজনাময় পৰিস্থিতিৰ ৷

latest-updte-on-assam-arunachal-border-conflict
অশান্ত অসম-অৰুণাচল সীমান্ত : অসমৰ মাটিত প্ৰৱেশ অৰুণাচল আৰক্ষীৰ

By

Published : Aug 26, 2021, 8:20 PM IST

লখিমপুৰ, ২৬ আগষ্ট :লখিমপুৰৰ অৰুণাচল সীমান্তত দীর্ঘ দিন ধৰি সীমাক লৈ অশান্ত পৰিস্থিতি সৃষ্টি হৈ আহিছে । বে-দখল, বনজ সম্পদ ধ্বংস আদিৰ বাবে অৰুণাচলীৰে সংঘাত অব্যাহত আছে অসমৰ । এনে পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে অসমৰ ভূমিত অৰুণাচলী আৰক্ষীৰ হস্তক্ষেপৰ বাবে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ।

লখিমপুৰ জিলাৰ হাৰমতী বন বিভাগৰ অন্তৰ্গত উত্তৰ ডিক্ৰং কোৱেৰীত এই পৰিস্থিতিৰ সৃষ্টি হয় । কোৱেৰীটোৰ পৰা অসমৰ লোকক শিল বালি সংগ্ৰহত বাধা দিবলৈ আহিল অৰুণাচল আৰক্ষীৰ এটা দল ৷ অৰুণাচল প্ৰদেশৰ বান্দৰদেৱা থানাৰ আৰক্ষীৰ এটা দলে অসমৰ উত্তৰ ডিক্ৰং কোৱেৰীত উপস্থিত হৈ অসমৰ ভূমি তেওঁলোকৰ বুলি দাবী কৰি এখন ডাম্পাৰ আৰু এখন ট্ৰেক্টৰৰ চাবি কাঢ়ি লোৱাৰ ফলত পৰিস্থিতি উতপ্ত হৈ পৰে ৷

অশান্ত অসম-অৰুণাচল সীমান্ত : অসমৰ মাটিত প্ৰৱেশ অৰুণাচল আৰক্ষীৰ

উল্লেখ্য যে, হাৰমতী আঞ্চলিক বন-বিষয়া আৰু হাৰমতি আৰক্ষীক অৱগত নকৰাকৈ পূৰ্বৰ গাইড লাইন অৱমাননা কৰি অৰুণাচল আৰক্ষীয়ে হঠাৎ অসমৰ এলেকাত প্ৰবেশ কৰি পৰিস্থিতি অশান্ত কৰি তোলে ।

ইয়াকে লৈ বহু সময় ধৰি কোৱেৰীটোত এক উত্তেজনাময় পৰিৱেশ বিৰাজ কৰে । ইয়াৰ পাছত স্থানীয় ৰাইজ আৰু বন বিভাগৰ খবৰৰ ভিত্তিত বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়া, হাৰমতি আঞ্চলিক বন বিষয়া, হাৰমতি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ অৰুণাচল আৰক্ষীক বিষয়টি পূংখানুপুংখকৈ বুজায় দিয়াৰ পিছত, অৰুণাচল আৰক্ষীয়ে ভুলক্ৰমে অসমৰ ভূমিৰ পৰা দুখন গাড়ীৰ চাবী কাঢ়ি নিয়া বুলি স্বীকাৰ কৰি অসমৰ ভূমিৰ পৰা আঁতৰি যোৱাতহে পৰিস্থিতিৰ শাম কাটে ।

লগতে পঢ়ক :ACS বিষয়া চাইবুৰ ৰহমানৰ কয়াকুছিৰ বাসগৃহত তদাৰকী কোষৰ অভিযান

ABOUT THE AUTHOR

...view details