লখিমপুৰ, ২০ ছেপ্টেম্বৰ:বিগত সময়ত দুৰ্নীতিমুক্ত অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ তীব্ৰ অভিযান ৷ চৰকাৰৰ কঠোৰ সকীয়নিৰ পিচতো একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ গা-লৰা নাই । দুৰ্নীতি নিবাৰক শাখাৰ এই অভিযানত ইজনৰ পিচত সিজন গ্ৰেপ্তাৰ হৈছে দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী ৷ একাংশ বিষয়া-কৰ্মচাৰীয়ে সলনি কৰিব পৰা নাই নিজৰ ঘোচখোৰ স্বভাৱ ৷ ৰাজ্যজুৰি দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে এইবাৰ খমিপুৰত টকা ঘোচ খোৱা লাট মণ্ডল পৰিছে জালত ।
লখিমপুৰত এইবাৰ মণ্ডল পৰিল আৰক্ষীৰ জালত । এজন লোকৰ পৰা ঘোচ লৈ গ্ৰেপ্তাৰ হৈছে লাট মণ্ডলজন । লখিমপুৰ ৰাজহ চক্ৰৰ তিনিকোণীয়াৰ লাট মণ্ডল হেমেন্দ্র নাথ শৰ্মাক ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে । লখিমপুৰ ৰাজহ চক্ৰৰ তিনিকোণীয়াৰ লাট মণ্ডল হেমেন্দ্র নাথ শৰ্মাই মাটি ম্যাদী পঞ্জীয়নৰ নামত এজন লোকৰ পৰা দাবী কৰিছিল ১ লাখ টকা । মঙলবাৰে গুগল পে'ৰ জৰিয়তে মণ্ডলজনে লৈছিল ৫০ হেজাৰ টকা । বাকী থকা ৫০ হেজাৰ ল'বলৈ গৈ আৰক্ষীৰ জালত পৰিল মণ্ডলজন ।